গুৱাহাটীৰ এজন দৃঢ়প্ৰতিজ্ঞ যুৱ অভিযন্তাই অসমৰ প্ৰথমজন ইউএভি দুৰ্যোগ পাইলট হিচাপে ইতিহাস ৰচনা কৰিছে। ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ স্নাতক দেৱাংগ শৰ্মাৰ এই সফলতাই কঢ়িয়াই আনিছে গৌৰৱ।
উদীয়মান প্ৰযুক্তিৰ সৈতে নিজৰ মূল যান্ত্ৰিক অভিযান্ত্ৰিক বিশেষজ্ঞতাক একত্ৰিত কৰিবলৈ দেৱাংগই ড্ৰ’নত নিজৰ আহ্বান বিচাৰি পাইছিল।
যিটো বৰ্তমান সময়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহাৰ্য অভিযানত দ্ৰুতগতিত অপৰিহাৰ্য হৈ পৰিছে। তেওঁ কয় যে, ইউএভি প্ৰযুক্তিৰ বিশেষজ্ঞ হ’বলৈ বাছি লোৱাটো মোৰ আভিযান্ত্ৰিক পটভূমিৰ স্বাভাৱিক সম্প্ৰসাৰণ যেন লাগিছিল।
তেওঁ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰত সততা, অধ্যৱসায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আত্মবিশ্বাসী দেৱাংগই কয় যে, “যাত্ৰা অৃইমানতে শেষ নহয়।
মই নতুন সীমা অন্বেষণ কৰিবলৈ আগ্ৰহী। আৰু আশা কৰিছো যে সঠিক পথ প্ৰদৰ্শন, নিষ্ঠা আৰু সাহসেৰে সকলো লোকেই কল্পনাতীত উচ্চতালৈ উৰি যাব পাৰে”।