আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত অব্যাহত আছে উত্তেজনাপূৰ্ণ মেচ । শনিবাৰে (২২ ফেব্ৰুৱাৰী) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে গ্ৰুপ বিৰ এখন মেচ । মেচখনত ইংলেণ্ড দলটোৱে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ খেলপথাৰত নামিছে । কিন্তু এই মেচখনৰ পূৰ্বে এনে এক ঘটনা ঘটিল, যাৰ ফলত অনুৰাগীসকল স্তম্ভিত হৈ পৰে ।
প্ৰকৃততে মেচ আৰম্ভ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজাব লাগিছিল । কিন্তু এই সময়ছোৱাত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতৰ সলনি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বাজিবলৈ ধৰে । ভুল উপলব্ধি কৰাৰ পিছত বিষয়াসকলে লগে লগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বন্ধ কৰে । তাৰ পিছত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীত বাজে । অৱশ্যে তেতিয়ালৈকে ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।
এই ঘটনাক আয়োজক দেশ পাকিস্তানৰ এক ডাঙৰ ভুল বুলি গণ্য কৰা হৈছে । উল্লেখ্য যে ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী ২০২৫ত পাকিস্তানত এখনো মেচ নেখেলে । আঠটা দলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে, তাৰ পিছত ‘হাইব্ৰিড মডেল’ গ্ৰহণ কৰা হৈছিল । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আয়োজন কৰা প্ৰতিখন খেল আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দলৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে । এই অনুষ্ঠানটো টছৰ পিছত হয় ।