বীটেৰে প্ৰস্তুত কৰক চুলিৰ বাবে প্ৰাকৃতিক হেয়াৰ কালাৰ; ফলাফল দেখি হ’ব আচৰিত

বীট স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰঙা বীট খোৱাৰ ফলত শৰীৰত তেজ বৃদ্ধি হয় আৰু আয়ৰণৰ অভাৱ কমি যায়। পিছে কেৱল খাদ্যতে নহয়, বহুতো সৌন্দৰ্যৰ সামগ্ৰীত বীট ব্যৱহাৰ কৰা হয়। লিপ বাম, ক্ৰীম, আৰু চুলিৰ ৰং বীটৰ পৰা তৈয়াৰ কৰা হয়।বজাৰত উপলব্ধ ৰাসায়নিক ৰঙৰ সলনি বীটৰ

বীট স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰঙা বীট খোৱাৰ ফলত শৰীৰত তেজ বৃদ্ধি হয় আৰু আয়ৰণৰ অভাৱ কমি যায়। পিছে কেৱল খাদ্যতে নহয়, বহুতো সৌন্দৰ্যৰ সামগ্ৰীত বীট ব্যৱহাৰ কৰা হয়।

লিপ বাম, ক্ৰীম, আৰু চুলিৰ ৰং বীটৰ পৰা তৈয়াৰ কৰা হয়।বজাৰত উপলব্ধ ৰাসায়নিক ৰঙৰ সলনি বীটৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক চুলিৰ ৰং ব্যৱহাৰ কৰা ভাল। বীট চুলিৰ বাবে উপকাৰী।

ই চুলিক এক প্ৰাকৃতিক বাৰ্গেণ্ডি ৰং দিয়ে। বীটৰ প্ৰয়োগে চুলি সহজে ৰঙীন কৰিব পাৰি। বীটত বেটালাইন থাকে যি প্ৰাকৃতিকভাৱে চুলিৰ ৰং কৰাত সহায় কৰে। চুলিত বীট কেনেদৰে প্ৰয়োগ কৰিব লাগে জানো আহক

বীটৰ পৰা কেনেদৰে প্ৰস্তুত কৰিব হেয়াৰ কালাৰ

১টা ডাঙৰ বীট লওঁক আৰু ইয়াক মিক্সাৰত গুৰি কৰক। বীটৰ এটা ডাঠ পেষ্ট বনাওক আৰু ইয়াক এটা বাটিলৈ স্থানান্তৰ কৰক। এতিয়া এই পেষ্টত ১ চামুচ নাৰিকল তেল মিহলি কৰক।

তাৰ পিছত ব্ৰাছৰ সহায়ত ইয়াক চুলিত প্ৰয়োগ কৰক। বীটৰ এই মিশ্ৰণটো ৰং পেকেটৰ দৰে চুলিত প্ৰয়োগ কৰিব লাগে। ইয়াক ২-৩ ঘণ্টাৰ বাবে এৰি দিয়ক আৰু তাৰ পিছত পানীৰে চুলি খিনি ধুব।কিন্তু এদিনৰ পিছত হে চেম্পু কৰিব।

বীট মাস্কৰ দৰেও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে, দুই চামুচ বীটৰ ৰস লওঁক ইয়াক এক চামুচ আদাৰ ৰস আৰু দুই চামুচ জলফাই তেলৰ সৈতে মিহলি কৰক। সকলো উপাদান ভালদৰে মিহলি কৰক ।

এতিয়া ইয়াক চুলিৰ গুৰিৰ পৰা আগলৈকে লগাওক ।তাৰ পিছত লাহে লাহে অলপ মালিচ কৰক আৰু এই মাস্কটো ১-২ঘণ্টাৰ বাবে এৰি দিয়ক। সময় শেষ হোৱাৰ পিছত, চুলিবোৰ সাধাৰণ পানীৰে ধুই দিয়ক।

বীটৰ হেয়াৰ মাস্ক-

এটা বীট ভালদৰে ধুই সৰু সৰু টুকুৰাত কাটি লওক।তাৰ পিছত বীটখিনি গুৰি কৰি এটা ডাঠ পেষ্ট তৈয়াৰ কৰক। বীটৰ পেষ্টটো এটা বাটিত লৈ তাত ১চামুচ মৌ মিহলি কৰক। এই পেকেটটো আপোনাৰ চুলিত প্ৰয়োগ কৰক আৰু তাৰ পিছত ২-৩ঘণ্টাৰ পিছত চেম্পু কৰক।

(বীট চুলিৰ বাবে উপকাৰী, কিন্তু কিছুমান লোকৰ এই বীট ব্যৱহাৰ কৰিলে এলাৰ্জিক হ’ব পাৰে। সেয়েহে, ইয়াক ব্যৱহাৰ কৰাৰ পূৰ্বে পৰীক্ষা কৰি লৈহে ইয়াক চুলিত প্ৰয়োগ কৰক)

শেহতীয়া প্ৰৱন্ধসমূহ