দিল্লীত বিস্ফোৰক প্ৰত্যাৱৰ্তনক স্মৰণীয় কৰি তুলিবলৈ সাজু বিজেপি...

দিল্লীত বিস্ফোৰক প্ৰত্যাৱৰ্তনক স্মৰণীয় কৰি তুলিবলৈ সাজু বিজেপি…নেতা, ধৰ্মীয় গুৰু আৰু শিল্পীৰ সমাহাৰেৰে বৰ্ণিল অনুষ্ঠান

দিল্লীত শপতগ্ৰহণ অনুষ্ঠান স্মৰণীয় কৰি তুলিবলৈ সাজু হৈছে বিজেপি । বৈঠকৰ সমান্তৰালকৈ বিজেপি নেতাসকলে সভাস্থলী ৰামলীলা ময়দান পৰিদৰ্শন কৰিছে । ৰাজভৱনৰ পৰাও শপতগ্ৰহণ স্থলী নিৰীক্ষণ কৰা হৈছে । সভাস্থলীত টেণ্ট আৰু চোফা স্থাপন কৰা হৈছে । অতিথিসকলক বহিব পৰাকৈ বহু সংখ্যক চকী আৰু এল ই

দিল্লীত শপতগ্ৰহণ অনুষ্ঠান স্মৰণীয় কৰি তুলিবলৈ সাজু হৈছে বিজেপি । বৈঠকৰ সমান্তৰালকৈ বিজেপি নেতাসকলে সভাস্থলী ৰামলীলা ময়দান পৰিদৰ্শন কৰিছে । ৰাজভৱনৰ পৰাও শপতগ্ৰহণ স্থলী নিৰীক্ষণ কৰা হৈছে ।

সভাস্থলীত টেণ্ট আৰু চোফা স্থাপন কৰা হৈছে । অতিথিসকলক বহিব পৰাকৈ বহু সংখ্যক চকী আৰু এল ই ডি স্ক্ৰীণ স্থাপন কৰা হৈছে । ৰামলীলা ময়দানৰ সীমা দেৱালত নতুনকৈ ৰং কৰা হৈছে ।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব শপতগ্ৰহণ অনুষ্ঠান । মঙলবাৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, বিনোদ তাৱদে, ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে সেই স্থানত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ।

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো এখন বৈঠক অনুষ্ঠিত হয় । বিজেপি নেতাসকলে কয় যে শপতগ্ৰহণ অনুষ্ঠান ঐতিহাসিক আৰু স্মৰণীয় হ’ব । বীৰেন্দ্ৰ সচদেৱ আৰু তৰুণ চুঘেও লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাক সাক্ষাৎ কৰে ।

ৰামলীলা ময়দানত তিনিখন মঞ্চ প্ৰস্তুত কৰা হৈছে । মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথকে ধৰি ৫০জনৰো অধিক উচ্চ নিৰাপত্তা থকা নেতা ৰামলীলা ময়দানত উপস্থিত হ’ব ।

এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ লগতে কেন্দ্রীয় কেবিনেট এখন মঞ্চত বহিব, আনহাতে নৱ-নির্বাচিত বিজেপি বিধায়কসকলে দ্বিতীয়খন মঞ্চত বহিব আৰু তৃতীয়খন মঞ্চত সন্ত আৰু চলচ্চিত্ৰ অভিনেতাকে ধৰি বিশেষ অতিথিসকলক দেখা যাব ৷

বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হ’ব-

অনুষ্ঠানৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচীও হ’ব । কৈলাশ খেৰে অনুষ্ঠান পৰিৱেশন কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী শ্ৰেণীৰ লোককো আমন্ত্ৰণ জনোৱা হৈছে । ইয়াত লাডলী-বেহনাসকলকো নিমন্ত্ৰণ কৰা হৈছে ।

মুম্বাইৰ বিখ্যাত উদ্যোগপতি, কৃষক, চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰকে ধৰি প্ৰায় ৩০ হাজাৰ লোকক আমন্ত্ৰণ জনোৱা হৈছে । বাবা ধীৰেন্দ্ৰ শাস্ত্ৰীকে ধৰি অন্যান্য ধৰ্মগুৰুসকলকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ