ইউক্ৰেইন যুদ্ধ বিৰতিৰ বাবে ছৌদিত আৰম্ভ হ’ল আমেৰিকা আৰু ৰাছিয়াৰ আলোচনা

একাষৰীয়া জেলেনস্কি…ইউক্ৰেইন যুদ্ধ বিৰতিৰ বাবে ছৌদিত আৰম্ভ হ’ল আমেৰিকা আৰু ৰাছিয়াৰ আলোচনা

ইউক্ৰেইন যুদ্ধক লৈ ছৌদি আৰৱত বৈঠকত মিলিত হৈছে আমেৰিকা আৰু ৰাছিয়াৰ বিষয়া । মঙলবাৰে ৰিয়াধত অনুষ্ঠিত হোৱা বৈঠকত ৰাছিয়াক প্ৰতিনিধিত্ব কৰে বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈদেশিক নীতি উপদেষ্টা ইউৰি উছাকোভে । আমেৰিকাৰ হৈ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক

ইউক্ৰেইন যুদ্ধক লৈ ছৌদি আৰৱত বৈঠকত মিলিত হৈছে আমেৰিকা আৰু ৰাছিয়াৰ বিষয়া । মঙলবাৰে ৰিয়াধত অনুষ্ঠিত হোৱা বৈঠকত ৰাছিয়াক প্ৰতিনিধিত্ব কৰে বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈদেশিক নীতি উপদেষ্টা ইউৰি উছাকোভে । আমেৰিকাৰ হৈ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজ আৰু পশ্চিম এছিয়াৰ বাবে ড’নাল্ড ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফ উপস্থিত থাকে । ইউক্ৰেইনক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই, যাৰ বাবে ইউৰোপে উদ্বেগ প্ৰকাশ কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ছৌদি আৰৱত এই বৈঠকখন ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণৰ তিনি বছৰৰ পিছত অনুষ্ঠিত হৈছে । শান্তি চুক্তিত আমেৰিকাৰ ভূমিকাৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । শেহতীয়াকৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হোৱা ফোন বাৰ্তালাপৰ পিছতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু ৰাছিয়াৰ বিষয়াসকলৰ মাজত এই আলোচনা চলি আছে । ফোনত দুয়োজন নেতাই শীঘ্ৰেই ইউক্ৰেইন সন্দৰ্ভত শান্তি আলোচনা আৰম্ভ কৰিবলৈ সন্মত হয় ।

ইউৰোপ আৰু ইউক্ৰেইনৰ উদ্বেগ-

এই বৈঠকৰ দুটা পক্ষ ৰাছিয়া আৰু আমেৰিকা আৰু মধ্যস্থতাকাৰীৰ ভূমিকাত চৌদি আৰৱ । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে এই আলোচনা অনুষ্ঠিত কৰা হৈছে যদিও এই আলোচনালৈ ইউক্ৰেইনক আমন্ত্ৰণ জনোৱা হোৱা নাই । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সোমবাৰে কয় যে কিয়েভে অংশগ্ৰহণ নকৰিলে তেওঁৰ দেশখনে বৈঠকৰ ফলাফল মানি নলয় ।

ইউৰোপীয় সংঘকো আলোচনাত অন্তৰ্ভুক্ত কৰা হোৱা নাই । ইউৰোপীয় নেতাসকলে ইয়াৰ ওপৰত আপত্তি জনাইছে আৰু যিকোনো শান্তি আলোচনাত তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ন্যায্য আৰু স্থায়ী শান্তিৰ বাবে তেওঁলোকৰ উপস্থিতি প্ৰয়োজনীয় বুলিও কয় । ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে নিজৰ বিবৃতিত কয় যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত স্থায়ী শান্তিৰ বাবে আমেৰিকাৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰয়োজনীয় ।

ট্ৰাম্পে সলনি কৰিছে নীতি-

এই বৈঠকখন গুৰুত্বপূৰ্ণ কাৰণ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত আমেৰিকাৰ ৰাছিয়াক পৃথক কৰাৰ নীতিৰ পৰিৱৰ্তন হৈছে । ইয়াৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পিছত আমেৰিকাই ইউক্ৰেইনক পৃথক কৰিবলৈ চেষ্টা কৰিছিল । এতিয়া দুয়োখন দেশৰ শীৰ্ষ বিষয়া আছে । এই কথোপকথনে ড’নাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনৰ মাজত বৈঠকৰ পথো মুকলি কৰিব পাৰে ।

পুটিনৰ বৈদেশিক নীতি উপদেষ্টা উছাকোভে কয় যে এই আলোচনা সম্পূৰ্ণ দ্বিপাক্ষিক । ইয়াৰ ভিতৰত ইউক্ৰেইনৰ বিষয়াসকলো অন্তৰ্ভুক্ত নহয় । অৱশ্যে ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনক আলোচনাত অন্তৰ্ভুক্ত কৰি ৰখাৰ আশ্বাস দিছে । কিন্তু ৰাছিয়া আৰু আমেৰিকাই যি ধৰণে আলোচনা কৰি আছে, সেইটোৱে ইউৰোপ আৰু ইউক্ৰেইনক চিন্তিত কৰি তুলিছে । ইউৰোপীয় দেশ আৰু ইউক্ৰেইনৰ অসন্তুষ্টিয়ে নাটোৰ ভৱিষ্যতত প্ৰভাৱ পেলাব বুলিও বহু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ