ভাৰতত উপস্থিত কাটাৰৰ আমিৰ, বিমান বন্দৰতে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ভাৰতত উপস্থিত কাটাৰৰ আমিৰ, বিমান বন্দৰতে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানীক আদৰণি জনাবলৈ সোমবাৰে ব্যক্তিগতভাৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত কাটাৰৰ আমিৰ ভাৰত ভ্ৰমণলৈ আহিছে । ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিব ।

কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানীক আদৰণি জনাবলৈ সোমবাৰে ব্যক্তিগতভাৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত কাটাৰৰ আমিৰ ভাৰত ভ্ৰমণলৈ আহিছে । ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে তেওঁৰ এই ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।

এম ই এয়ে কয়, ‘তেওঁৰ এই ভ্ৰমণে আমাৰ ক্ৰমবৰ্ধমান বহুমুখী অংশীদাৰিত্বত অধিক গতি যোগ কৰিব ।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে তেওঁৰ সৈতে ভাৰতত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল থাকিব, য’ত থাকিব মন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু এটা ব্যৱসায়িক প্ৰতিনিধিৰ দল ।

মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীয়ে ২০২৫ চনৰ ১৭-১৮ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব ।’ এয়া হ’ব কাটাৰৰ আমিৰৰ ভাৰতলৈ দ্বিতীয় ভ্ৰমণ । ইয়াৰ পূৰ্বে ২০১৫ চনৰ মাৰ্চ মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ