ক্ৰিকেট অনুৰাগীৰ বাবে ভালখবৰ ; অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী

ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে আছে এটা ভালখবৰ। অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনীৰ লগতে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান। অতি কাষৰ পৰা অনুৰাগীসকলে চাব পাৰিব শ্বাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক। কাৰণ গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখন কৈ হাইভল্টেজ মেচ। ২৬ আৰু ৩০ মাৰ্চত

ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে আছে এটা ভালখবৰ। অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনীৰ লগতে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান।

অতি কাষৰ পৰা অনুৰাগীসকলে চাব পাৰিব শ্বাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক। কাৰণ গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখন কৈ হাইভল্টেজ মেচ। ২৬ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ’ব খেল দুখন।

২৬ মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰকিংছ সন্মুখিন হ’ব ৰাজস্থান ৰয়েলছৰ।

উল্লেখ্য যে আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ হৈছে। ইতিমধ্যে বিচিচিআইয়ে উদ্বোধনী খেলৰ স্থান সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল। কিন্তু তাৰিখ আৰু দলৰ বিষয়ে একো কোৱা হোৱা নাছিল।

কিন্তু এতিয়া এই সকলো কথা পোহৰলৈ আহিছে। আই পি এল ২০২৫ৰ প্ৰথমখন খেল ২২ মাৰ্চ শনিবাৰে অনুষ্ঠিত হ’ব, যিখন খেলত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত আৰম্ভ হ’ব।

লীগৰ নিয়ম অনুসৰি এই অ’পেনাৰ খেলখন ডিফেণ্ডিং চেম্পিয়নৰ ঘৰত অৰ্থাৎ কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ’ব।

এতিয়া অসমলৈ শ্বাহৰুখ খানৰ লগতে মহেন্দ্ৰ সিং ধোনী আহিব বুলি জানিব পাৰি ক্ৰিকেট প্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।

শেহতীয়া প্ৰৱন্ধসমূহ