আদানী গোটক লৈ নিম্ন সদনত বিৰোধীৰ হুলস্থুল...স্থগিত কৰিব লগা হ’ল লোকসভাৰ কাৰ্যক্ৰম

আদানী গোটক লৈ নিম্ন সদনত বিৰোধীৰ হুলস্থুল…স্থগিত কৰিব লগা হ’ল লোকসভাৰ কাৰ্যক্ৰম

বৃহস্পতিবাৰে আদানী গোটৰ সৈতে জড়িত এক বাতৰিক লৈ কংগ্ৰেছৰ সদস্য আৰু আন একাংশ বিৰোধী দলে লোকসভাত হুলস্থুলৰ সৃষ্টি কৰে, যাৰ বাবে সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰায় পাঁচ মিনিটৰ পিছত বিয়লি ২ বজালৈ স্থগিত ৰখা হয় । সদনৰ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সদস্যসকলে শ্লোগান

বৃহস্পতিবাৰে আদানী গোটৰ সৈতে জড়িত এক বাতৰিক লৈ কংগ্ৰেছৰ সদস্য আৰু আন একাংশ বিৰোধী দলে লোকসভাত হুলস্থুলৰ সৃষ্টি কৰে, যাৰ বাবে সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰায় পাঁচ মিনিটৰ পিছত বিয়লি ২ বজালৈ স্থগিত ৰখা হয় । সদনৰ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সদস্যসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে ।

শ্লোগানৰ মাজতে আৰম্ভ হ’ল প্ৰশ্নকাল-

বিৰোধী সাংসদসকলে শ্লোগান দিয়াৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্ন ঘণ্টা আৰম্ভ কৰাৰ লগতে জলশক্তি মন্ত্ৰালয়ৰ সৈতে জড়িত কিছু পৰিপূৰক প্ৰশ্ন সোধা হয় । এই সময়ত অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক শ্লোগান দিয়া বন্ধ কৰি কাৰ্য্যবিধি অব্যাহত থাকিবলৈ দিবলৈ আহ্বান জনায় ।

বিৰোধীৰ ওচৰত আবেদন জনায় ওম বিৰলাই-

লোকসভাৰ অধ্যক্ষই কয়, ‘আপোনালোকে প্ৰশ্ন ঘণ্টাত পৰিকল্পিত অচলাৱস্থাৰ সৃষ্টি কৰে, এইটো কোনো ভাল অভ্যাস নহয় । আপোনালোকে (কংগ্ৰেছে) ইমান বছৰে শাসন কৰি আহিছে…আপুনি সদনত বিঘিনিৰ সৃষ্টি কৰে । তেওঁ কয়, ‘মই কৈছো যে আমি দুপৰীয়া ১২ বজাত বিষয়টো আগবঢ়াবলৈ দিম, কিন্তু আপোনালোকে আলোচনা নিবিচাৰে । আপোনালোকে সদনলৈ গুৰুত্বপূৰ্ণ বিষয় আনিব নিবিচাৰে ।‘

হুলস্থুল বন্ধ নোহোৱাত কাৰ্য্যবিধি স্থগিত ৰখা হয়-

এই সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, ‘চৰকাৰৰ জবাবদিহিতা প্ৰশ্নৰ সময়ত সিদ্ধান্ত লোৱা হয় । এই সময় আটাইতকৈ গুৰুত্বপূৰ্ণ । সদস্য সকলৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে । ইফালে বিৰোধী সদস্যৰ হুলস্থুল বন্ধ নোহোৱাত লোকসভাৰ অধ্যক্ষই পুৱা প্ৰায় ১১:০৫ বজাত দুপৰীয়া ২:০০ বজালৈ সদন স্থগিত ৰাখে ।

শেহতীয়া প্ৰৱন্ধসমূহ