মণিপুৰৰ ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যপালক সাক্ষাৎ বিজেপিৰ, নিৰ্বাচনৰ দাবী বিৰোধীৰ

মণিপুৰৰ ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যপালক সাক্ষাৎ বিজেপিৰ, নিৰ্বাচনৰ দাবী বিৰোধীৰ

ৰাজনৈতিক অস্থিৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত চৰকাৰ গঠন আৰু প্ৰশাসন চলোৱা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সাক্ষাৎ কৰে বিজেপিৰ উত্তৰ-পূব প্ৰভাৰী সম্বিত পাত্ৰ আৰু মণিপুৰৰ ৰাজ্যিক সভাপতি এ শৰদা দেৱীয়ে । মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছতে ৰাজ্যত

ৰাজনৈতিক অস্থিৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত চৰকাৰ গঠন আৰু প্ৰশাসন চলোৱা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সাক্ষাৎ কৰে বিজেপিৰ উত্তৰ-পূব প্ৰভাৰী সম্বিত পাত্ৰ আৰু মণিপুৰৰ ৰাজ্যিক সভাপতি এ শৰদা দেৱীয়ে ।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছতে ৰাজ্যত নেতৃত্বৰ সংকট সৃষ্টি হোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হয় । পাত্ৰ আৰু দেৱীৰ সৈতে শিক্ষামন্ত্ৰী টি বসন্ত কুমাৰ সিং, এন পি এফ মণিপুৰ ইউনিটৰ সভাপতি আৱাংবৌ নেমাই আৰু জে ডি ইউৰ বিধায়ক নাছিৰ উপস্থিত থাকে ।

সূত্ৰ অনুসৰি ৰাজ্যপালৰ সৈতে এই বৈঠক প্ৰায় আধা ঘণ্টা ধৰি চলিছিল যদিও ইয়াৰ ফলাফলৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই । ৰাজ্যখনৰ বিজেপিত ক্ৰমাৎ ক্ষোভ আৰু নেতৃত্ব সলনিৰ দাবীৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে ।

ৰাজ্যপালৰ বিধানসভা অধিৱেশন বাতিলৰ নিৰ্দেশক অসাংবিধানিক বুলি অভিহিত কংগ্ৰেছৰ-

মণিপুৰ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰই মঙলবাৰে কয় যে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই দ্বাদশ মণিপুৰ বিধানসভাৰ সপ্তম অধিৱেশন বাতিল কৰাৰ নিৰ্দেশ ‘অবৈধ আৰু অসাংবিধানিক’ । বিৰোধী দলসমূহে ৰাজ্যপালৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গণতান্ত্ৰিক প্ৰক্ৰিয়া অটুট ৰখাৰ দাবী জনাইছে ।

বিগত ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে ৰাজ্যপালগৰাকীয়ে এই নিৰ্দেশ জাৰি কৰিছিল । য’ত ২০২৫ চনৰ ২৪ জানুৱাৰীত বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ পূৰ্বৰ নিৰ্দেশনা বাতিল ঘোষণা কৰা হৈছিল ।

মেঘচন্দ্ৰই কয় যে ২০২৫ চনৰ ২৪ জানুৱাৰী তাৰিখৰ এই আদেশক ‘শূন্য আৰু বাতিল’ বুলি ঘোষণা কৰি মণিপুৰৰ সন্মানীয় ৰাজ্যপালে ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে দিয়া আদেশ অবৈধ আৰু অসাংবিধানিক । আজি মণিপুৰ বিধানসভাৰ সাংবিধানিকভাৱে বাধ্যতামূলক বৈঠকৰ অন্তিম দিন, তথাপিও অধিৱেশন আহ্বানৰ বাবে কোনো উদ্যোগ লোৱা হোৱা নাই ।

নতুন নিৰ্বাচনৰ দাবী চি পি আইৰ-

ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মণিপুৰ ৰাজ্য পৰিষদে মঙলবাৰে কয় যে এন বীৰেণ সিঙক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে ৰাজ্যখন অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব । তেওঁলোকে নতুনকৈ বিধানসভা নিৰ্বাচনৰ দাবী জনাইছে যাতে ৰাজ্যত নতুন প্ৰশাসনিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পৰা যায় ।

শেহতীয়া প্ৰৱন্ধসমূহ