৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব কৰ্কট দিৱস (World Cancer Day ) । প্ৰতি বছৰে এই দিৱস পালন কৰা হয় । বিশ্ব কৰ্কট দিৱস পালনৰ উদ্দেশ্য হৈছে মানুহৰ মাজত কৰ্কট অথবা কেন্সাৰ সম্পৰ্কে সজাগতা বৃদ্ধি আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী প্ৰচেষ্টা শক্তিশালী কৰা । আজি সমগ্ৰ বিশ্বতে কৰ্কট ৰোগ হৈছে মৃত্যুৰ অন্যতম বৃহৎ কাৰণ ।
বিশ্ব কৰ্কট দিৱসৰ উদ্দেশ্য কেৱল এই ৰোগৰ প্ৰতি মানুহক সজাগ কৰাই নহয় ইয়াৰ প্ৰতিৰোধ, চিকিৎসা আৰু নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰাও ইয়াৰ লক্ষ্য ।
বিশ্ব কৰ্কট দিৱস ২০২৫ৰ বিষয়বস্তু-
প্ৰতি বছৰে বিশ্ব কৰ্কট দিৱস এটা থিম অথবা বিষয়বস্তক লৈ পালন কৰা হয় । এইবাৰ বিশ্ব কৰ্কট দিৱসৰ থিম ‘ইউনাইটেড বাই ইউনিক’ (United by Unique) হিচাপে ৰখা হৈছে । এই থিমটোৰ উদ্দেশ্য হৈছে কেন্সাৰ এনে এখন যুদ্ধ যিখন কেৱল চিকিৎসাৰে নহয় মানুহৰ সহযোগত জয়ী হ’ব পৰা যায় যাক আমি ইয়াৰ শিপাৰ পৰা নিৰ্মূল কৰিব লাগিব ।
বিশ্ব কৰ্কট দিৱসৰ ইতিহাস-
বিশ্ব কৰ্কট দিৱস পালন ২০০০ চনৰ পৰা পেৰিছত আৰম্ভ হৈছিল । দৰাচলতে ২০০০ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰিছত ‘ৱৰ্ল্ড ছামিট এগেইনষ্ট কেন্সাৰ’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস পালন কৰাৰ কথা ঘোষণা কৰা হৈছিল । ইউনিয়ন ফৰ ইণ্টাৰনেশ্যনেল কেন্সাৰ কণ্ট্ৰল (UICC) য়ে ইয়াক স্থাপন কৰিছিল । উল্লেখ্য যে ইউ আই চি চি হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা, যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি আছে ।
বিশ্ব কৰ্কট দিৱসৰ গুৰুত্ব-
বিশ্ব কৰ্কট দিৱস পালনৰ আঁৰৰ কাৰণ হ’ল কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ বিষয়ে সাধাৰণ মানুহক সজাগ কৰা, কৰ্কট ৰোগৰ কাৰণ কি আৰু ই কেনেকৈ বিয়পে ? লক্ষ্য হৈছে কৰ্কট ৰোগৰ জনশ্ৰুতি দূৰ কৰা আৰু সমগ্ৰ বিশ্বৰ চৰকাৰসমূহে চলাই থকা কেন্সাৰ সম্পৰ্কীয় অভিযানৰ বিষয়ে সজাগতা বিয়পোৱা । ইয়াৰ সমান্তৰালকৈ কৰ্কট ৰোগৰ ১০০ শতাংশ আৰোগ্য লাভ কৰিব পৰা কথা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা ।