আমেৰিকান সেনাই চিৰিয়াত চলোৱা এয়াৰষ্ট্ৰাইকৰ সময়ত আল-কায়েদাৰ সন্ত্ৰাসবাদী মুহাম্মাদ ছালাহ আল-জাবিৰক হত্যা কৰিছে।
আমেৰিকান সেনাই কৈছিল যে বৃহস্পতিবাৰে উত্তৰ পশ্চিম চিৰিয়াত এটা বিমান আক্ৰমণ চলাই। আৰু এই আক্ৰমণত আল-কায়েদাৰ সৈতে সম্পৰ্কীত সন্ত্ৰাসবাদী দলটোৰ জ্যেষ্ঠ সদস্য মুহাম্মাদ ছালাহ আল-জাবিৰক হত্যা কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে এক বিবৃতিত কৈছিল যে এই বিমান আক্ৰমণ অঞ্চলটোত সন্ত্ৰাসবাদী গোটবোৰক ব্যাহত আৰু দুৰ্বল কৰাৰ প্ৰচেষ্টাৰ অংশ আছিল।মুহাম্মাদ ছালাহ আল-জাবিৰ ও হুৰাছ আল-দিন গোটৰ সৈতে জড়িত আছিল।