মৌনি অমাৱস্যা উপলক্ষে গংগাত পবিত্ৰ স্নান কৰিবলৈ সমবেত হোৱা বিপুল জনসমাগমৰ বাবে বুধবাৰে পুৱা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ সংগমত এক ভয়াৱহ ঘটনা সংঘটিত হয় । এই ঘটনাত কেইবাজনো লোকৰ থিতাতে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । ঘটনাৰ পিছতে ততাতৈয়াকৈ ঘাটলৈ এম্বুলেন্স প্ৰেৰণ কৰাৰ লগতে আহতসকলক চিকিৎসাৰ বাবে মেলাস্থলীত অৱস্থিত কেন্দ্ৰীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিছে । মৌনি আমাৱস্যাৰ অমৃত স্নানৰ বাবে জনসমাগমৰ চাপ বাঢ়ি অহাৰ বাবে মেলা প্ৰশাসনে ভক্তসকলক উভতাই পঠিয়াব লগা হৈছে । এই ঘটনাৰ পিছত আজি অনুষ্ঠিত হ’বলগীয়া অমৃত স্নান বাতিল কৰা হৈছে ।
উল্লেখ্য যে, আজি মৌনি আমাৱস্যাৰ অমৃত স্নান উপলক্ষে কোটি কোটি ভক্তই মহাকুম্ভৰ বাবে প্ৰয়াগৰাজত উপস্থিত হয় যদিও অমৃত স্নান আৰম্ভ হোৱাৰ পূৰ্বেই এই ঘটনা সংঘটিত হয়, য’ত পদপিষ্ট হৈ বহু লোকৰ মৃত্যুৰ খবৰ চৰ্চালৈ আহিছে । ইফালে এই ঘটনাত কেইবা ডজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । মহা কুম্ভ মেলাত উপস্থিত চিকিৎসালয়ৰ ভিতৰত আহতসকলৰ চিকিৎসা চলি আছে । ইয়াৰ পিছত আটাইকেইখন আখৰা পৰিষদৰ অমৃত স্নান বাতিল কৰা হৈছে । কোৱা হৈছে যে তেওঁলোকে ভক্তৰ মংগলৰ বাবে এই সিদ্ধান্ত লৈছে ।
মৌনি অমৱস্যাৰ দিনা অমৃত স্নান মহা কুম্ভৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু ইয়াত প্ৰায় ১০ কোটি তীৰ্থযাত্ৰী উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এইবাৰ ১৪৪ বছৰৰ পাছত ‘ত্ৰিবেণী যোগ’ নামৰ এক বিৰল জ্যোতিৰ্বিজ্ঞানৰ কাকতলীয়া ঘটনা ঘটিছে, যিয়ে এই দিনটোৰ আধ্যাত্মিক তাৎপৰ্য্য বৃদ্ধি কৰিছে । আহতসকলক মেলা এলেকাত অৱস্থিত কেন্দ্ৰীয় চিকিৎসালয়লৈ লৈ যোৱা হয় । বহু আহতৰ আত্মীয় তাত উপস্থিত হৈছে ।
১ ঘণ্টাত দুবাৰকৈ মুখ্যমন্ত্ৰী যোগীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ-
খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিকভাৱে মহাকুম্ভৰ পৰিস্থিতিৰ আপডেট গ্ৰহণ কৰি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক এঘণ্টাত দুবাৰকৈ ফোন কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত হয় ।
যি য’তেই আছে তাতেই স্নান কৰক: মুখ্যমন্ত্ৰী যোগী
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক তেওঁলোকৰ ওচৰৰ ঘাটত স্নান কৰাৰ লগতে সংগমৰ দিশে যাবলৈ চেষ্টা নকৰিবলৈ, প্ৰশাসনৰ নিৰ্দেশ পালন কৰি সহযোগ কৰিবলৈ আহ্বান জনাইছে । লগতে কোনো ধৰণৰ উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈও তেওঁ আহ্বান জনাইছে ।
মুখ্যমন্ত্ৰী যোগীৰ সৈতে বাৰ্তালাপ অমিত শ্বাহৰ-
মহাকুম্ভ মেলাত মৌনি আমাৱস্যা পালনৰ সময়ত সংগমত হোৱা অনাহুত পৰিস্থিতিৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কথা পাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । লগতে কেন্দ্রৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে শ্বাহে ।