পাকিস্তানত এলপিজি টেংকাৰত প্ৰচণ্ড বিস্ফোৰণ;  ৬জনৰ মৃত্যু

পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এলপিজি ভৰ্তি এখন টেংকাৰত প্ৰচণ্ড বিস্ফোৰণ হয়। বিস্ফোৰণটো হোৱাৰ ফলত এগৰাকী কিশোৰীৰ সহ ছয়জন লোক নিহত হয়। জানিব পৰা মতে ঘটনাটোত ৩১ জন লোক আহত হৈছিল। উদ্ধাৰকাৰী বিষয়াসকলৰ মতে, মুলতানৰ হামিদপুৰ কানোৰা অঞ্চলৰ ঔদ্যোগিক এলেকাত এই ভয়ংকৰ

পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এলপিজি ভৰ্তি এখন টেংকাৰত প্ৰচণ্ড  বিস্ফোৰণ হয়। বিস্ফোৰণটো হোৱাৰ ফলত এগৰাকী কিশোৰীৰ সহ ছয়জন লোক নিহত হয়।

জানিব পৰা মতে ঘটনাটোত ৩১ জন লোক আহত হৈছিল। উদ্ধাৰকাৰী বিষয়াসকলৰ মতে, মুলতানৰ হামিদপুৰ কানোৰা অঞ্চলৰ ঔদ্যোগিক এলেকাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

বিস্ফোৰণটোৰ ফলত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। পিছত দাউ দাউ কৈ জ্বলি থকা টেংকাৰখন ওচৰৰ এটা আৱাসিক এলেকাত পৰি যায়, যাৰ ফলত যথেষ্ট ক্ষতি হয়।

ঘটনাটোৰ লগে লগে জুই নুমুৱাবলৈ ১০ খনতকৈও অধিক অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।  বিস্ফোৰণটোৰ ফলত প্ৰায় ২০ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ