দিল্লী নিৰ্বাচনক লৈ কেজৰিৱালে মুকলি কৰিলে আপৰ ইস্তাহাৰ;  কেইবাটাও ডাঙৰ ঘোষণা

দিল্লীৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ বাবে ভোটদান এতিয়া ১০ দিনতকৈও কম সময় বাকী আছে। ৭০ জনীয়া দিল্লী বিধানসভা আসনৰ বাবে নিৰ্বাচন ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ভোটগণনা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে সোমবাৰে আগন্তুক দিল্লী বিধানসভা

দিল্লীৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ বাবে ভোটদান এতিয়া ১০ দিনতকৈও কম সময় বাকী আছে। ৭০ জনীয়া দিল্লী বিধানসভা আসনৰ বাবে নিৰ্বাচন ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ভোটগণনা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে সোমবাৰে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰে।এই ইস্তাহাৰত কেজৰিৱালে কেইবাটাও গেৰাণ্টি ঘোষণা কৰিছে –

সোমবাৰে এক সংবাদমেলত অৰবিন্দ কেজৰিৱালে কয় যে তেওঁ আজি কেজৰিৱালৰ ১৫ টা গেৰাণ্টি জাৰি কৰিছে। তেওঁ ঘোষণা কৰা গেৰাণ্টি সমূহ ভিতৰত–

নিযুক্তিৰ গেৰাণ্টি – যুৱসকলে কেনেদৰে নিযুক্তি লাভ কৰে তাৰ বাবে পৰিকল্পনা কৰা হ’ব। মহিলা সন্মান যোজনাৰ অধীনত, প্ৰতিগৰাকী মহিলাই বেঙ্ক একাউণ্টত ২১০০ টকা লাভ কৰিব।

সঞ্জীৱনী যোজনা –৬০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকে বিনামূলীয়া চিকিৎসা লাভ কৰিব। পানীৰ বিল ৰেহাই দিয়া হৈছে, প্ৰেৰণ কৰা বিল পৰিশোধ কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰতিটো ঘৰত দিনে ২৪ ঘণ্টা পানী পাব।

কেজৰিৱালে কৈছিল যে আমাৰ পুঁজি আৰু সম্পূৰ্ণ পৰিকল্পনা আছে। দিল্লীৰ ৰাস্তাবোৰ ইউৰোপীয় মানদণ্ডৰ কৰাৰ প্ৰতিশ্ৰুতি। ড০ আম্বেদকাৰ বৃত্তি আঁচনিঃ দিল্লী চৰকাৰে বিদেশী বিশ্ববিদ্যালয়ত দলিত শিশুৰ নামভৰ্তিৰ বাবে সকলো খৰচ বহন কৰিব।

মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দিল্লী মেট্ৰ’ত বিনামূলীয়া বাছ সুবিধা আৰু ৫০ শতাংশ ৰেহাই পাব। পুৰোহিতসকলে প্ৰতি মাহে ১৮হাজাৰ কৈ টকা লাভ কৰিব। ভাড়াতীয়াসকলে বিনামূলীয়া বিদ্যুৎ আৰু পানীৰ সুবিধাও পাব।

অৰবিন্দ কেজৰিৱালে কৈছে যে দিল্লী চৰকাৰে বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বৃদ্ধসকলৰ বাবে বিনামূলীয়া তীৰ্থযাত্ৰা, মহিলাসকলৰ বাবে বাছ যাত্ৰা অব্যাহত ৰাখিব।

কেজৰিৱালে কৈছিল যে যদি দিল্লীবাসীয়ে নিৰ্বাচনত বিজেপিক ভোট দিয়ে , তেন্তে তেওঁলোক ওপৰত ২৫ হাজাৰ পৰ্যন্ত টকা অতিৰিক্ত বোজা  হ’ব।

অৰবিন্দ কেজৰিৱালে দাবী কৰিছিল যে বিজেপিয়ে স্পষ্ট কৰি দিছে যে বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিনামূলীয়া শিক্ষা, বিনামূলীয়া চিকিৎসা বন্ধ কৰা হ’ব।