ভাৰতলৈ অনা হ’ব মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক...

ভাৰতলৈ অনা হ’ব মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক…প্ৰত্যাৰ্পণৰ অনুমতি

শনিবাৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ অনুমোদন জনায় । ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত, পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ নাগৰিক ৰাণাক প্ৰত্যাৰ্পণৰ বাবে ভাৰতে বহুদিনৰ পৰাই বিচাৰি আহিছে । ৬৩ বছৰীয়া ৰাণা ভাৰতৰ জৰিয়তে

শনিবাৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ অনুমোদন জনায় । ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত, পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ নাগৰিক ৰাণাক প্ৰত্যাৰ্পণৰ বাবে ভাৰতে বহুদিনৰ পৰাই বিচাৰি আহিছে । ৬৩ বছৰীয়া ৰাণা ভাৰতৰ জৰিয়তে প্ৰত্যাৰ্পণৰ অনুৰোধ আমেৰিকাই গ্ৰহণ কৰাৰ পিছৰে পৰা লছ এঞ্জেলছৰ কাৰাগাৰত বন্দী হৈ আছে । মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তেওঁৰ ভূমিকাৰ বাবে ৰাণা কেইবাটাও অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে ।

২০১৯ চনৰ ৪ ডিচেম্বৰত ভাৰতে তাহাবুৰ ৰাণাক প্ৰত্যাৰ্পণৰ বাবে আমেৰিকাক কূটনৈতিক নোট দাখিল কৰিছিল । তদুপৰি, ২০২০ চনৰ ১০ জুনত ভাৰতে ৰাণাক প্ৰত্যাৰ্পণৰ উদ্দেশ্যে সাময়িকভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযোগ দাখিল কৰে । বাইডেন প্ৰশাসনে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাত সমৰ্থন আৰু অনুমোদন জনায় । দুয়োখন দেশৰ মাজত ১৯৯৭ চনত স্বাক্ষৰিত দীৰ্ঘদিনীয়া দ্বিপাক্ষিক প্ৰত্যাৰ্পণ চুক্তি আছে ।

কোন হয় তাহাবুৰ ৰাণা ?

২৬/১১ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ অভিযোগৰ বাবেই লাইমলাইটলৈ আহিছিল পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ এজন কথিত ব্যৱসায়ী তাহাবুৰ ৰাণা । এই আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত ৰাণাই ডাঙৰ ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে । লস্কৰ-ই-তৈবাৰ বাবে কাম কৰা আৰু মুম্বাই আক্ৰমণৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ডেভিদ কলমেন হেডলীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল ।

২০০৯ চনত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাণাক-

অভিযোগ অনুসৰি ৰাণাই হেডলীক তেওঁৰ ইমিগ্ৰেচন চাৰ্ভিচ কোম্পানীৰ জৰিয়তে ভাৰতত চোৰাংকৈ তথ্য সংগ্ৰহ কৰাত সহায় কৰিছিল । এই তথ্য লস্কৰ-ই-তৈবা আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ হাতত অৰ্পণ কৰা হৈছে । ২০০৯ চনত আমেৰিকাত গ্ৰেপ্তাৰ হোৱা ৰাণাৰ ২০১১ চনত চিকাগোৰ আদালতত বিচাৰ চলিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ