ইছৰোৱে ২০২৫ চনৰ ২৯ জানুৱাৰীত পুৱা ০৬:২৩ বজাত GSLV-F15 ৰকেটৰ সহায়ত NVS-02 অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে । শ্ৰীহৰিকোটাৰ পৰা এয়া হ’ব ইছৰোৰ ১০০ সংখ্যক উৎক্ষেপণ । এয়া জি এছ এল ভি-এফ ১৫ৰ ১৭ সংখ্যক উৰণ । NVS-02 হৈছে এটা উপগ্ৰহ, যিটো NAVIC উপগ্ৰহ ব্যৱস্থাৰ অংশ । এই উৎক্ষেপণ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা কৰা হ’ব ।
নাভিক (NavIC) হৈছে ভাৰতৰ স্বতন্ত্ৰ ক্ষেত্ৰীয় নেভিগেচন উপগ্ৰহ ব্যৱস্থা । ভাৰত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিৰ্দিষ্ট অৱস্থান, বেগ আৰু সময় সেৱা প্ৰদানৰ বাবে ইয়াক ডিজাইন কৰা হৈছে ।
ভাৰতীয় ভূমিৰ পৰা প্ৰায় ১৫০০ কিলোমিটাৰ দূৰত্বত NavIC এ সেৱা আগবঢ়াব । NavIC এ দুবিধ সেৱা আগবঢ়াব । ষ্টেণ্ডাৰ্ড পজিচনিং সেৱা (SOS) আৰু ৰেষ্ট্ৰিক্টেড সেৱা (RS) । এই সেৱা অনুমোদিত ব্যৱহাৰকাৰীৰ বাবে ।
এন ভি এছ-০২ উপগ্ৰহ নেভিগেচন ব্যৱস্থাৰ অংশ । ই ভাৰতীয় ক্ষেত্ৰত নেভিগেচন সেৱা প্ৰদান কৰিব । জি এছ এল ভি-এফ ১৫ ৰকেটৰ জৰিয়তে এই উপগ্ৰহটোক জিঅ’ষ্টেচনেৰী ট্ৰেন্সফাৰ কক্ষপথত স্থাপন কৰা হ’ব ।
NavIC উপগ্ৰহ ব্যৱস্থা ভাৰতৰ নেভিগেচন সেৱাত স্বাৱলম্বিতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । নাভিকৰ সেৱাই ভাৰতীয় উদ্যোগসমূহক অৰ্থনৈতিক সুবিধা প্ৰদান কৰিব পাৰে । নাভিকে ভাৰতীয় ক্ষেত্ৰত নেভিগেচন সেৱা প্ৰদান কৰিব, যাৰ ফলত বিদেশী নেভিগেচন চিষ্টেমৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব ।
নাভিকৰ ডিজাইন এনেদৰে কৰা হৈছে যাতে সঠিক আৰু নিৰ্ভৰযোগ্য অৱস্থান আৰু সময় সেৱা প্ৰদান কৰিব পাৰে, যিয়ে বিমান পৰিবহণ, সামুদ্ৰিক আৰু স্থল পৰিবহণৰ দৰে বিভিন্ন খণ্ডক উপকৃত কৰিব ।