ঢেকিয়াজুলিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ ।শিক্ষক উত্তম বক্সি মহন্তৰ প্ৰহাৰত মৃত্যু হোৱাৰ অভিযোগ সপ্তম শ্ৰেনীত অধ্যয়নৰত ছাত্ৰ অমন মাহাতুৰ।
ঢেকিয়াজুলিৰ চিৰাজুলিৰ নিউ হৰাইজন স্কুলত সংঘটিত হৈছে এই ঘটনাটো।জানিব পৰা মতে এক সপ্তাহ পূৰ্বে শিক্ষক উত্তম বক্সি মহন্তই পাঠদানৰ সময়তে অমানুষিকভাৱে প্ৰহাৰ কৰিছিল অমন মাহাতুক।
দুদিন পিছত ছাত্ৰ গৰাকীৰ স্বাস্থৰ অৱনমতি হোৱাত পৰিয়ালৰ লোকে TMCH ত ভৰ্তি কৰাইছিল অমনক। কিন্তু চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে বিয়লি মৃত্যু হয় ছাত্ৰগৰাকীৰ।
অতি দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল অমন মাহাতু।ছাত্ৰ গৰাকীৰ মৃত্যুৰ পিছত অঞ্চলযুৰী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাক কেন্দ্ৰকৰি শিক্ষক উত্তম বক্সি মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত ছাত্ৰ গৰাকীৰ পৰিয়ালৰ।জানিব পৰা মতে শিক্ষক উত্তম বক্সি মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।পষ্ট মৰ্টেম তথা আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।