দৈৰ সৈতে কেতিয়াও নাখাব এইবোৰ খাদ্য; অন্যথা হ’ব পাৰে ভয়ংকৰ বিপদ

দৈ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। দৈ হৈছে এক প্ৰ’বায়োটিক যি পাকস্থলীত অসংখ্য ভাল বেক্টেৰিয়া প্ৰস্তুত কৰাৰ লগতে পাচন শক্তিও বৃদ্ধি কৰে।দৈনিক এবাটি দৈ খালে শৰীৰত বহুতো লাভা হয়। কিয়নো দৈ’ত প্ৰ’টিন, কেলচিয়াম, ৰাইবোফ্লেভিন, ভিটামিন বি৬ আৰু ভিটামিন বি১২ আদিৰ দৰে

দৈ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। দৈ হৈছে এক প্ৰ’বায়োটিক যি পাকস্থলীত অসংখ্য ভাল বেক্টেৰিয়া প্ৰস্তুত কৰাৰ লগতে  পাচন শক্তিও বৃদ্ধি কৰে।দৈনিক এবাটি দৈ খালে শৰীৰত বহুতো লাভা হয়।

কিয়নো দৈ’ত প্ৰ’টিন, কেলচিয়াম, ৰাইবোফ্লেভিন, ভিটামিন বি৬ আৰু ভিটামিন বি১২ আদিৰ দৰে পুষ্টি থাকে, যি শৰীৰক বহুতো স্বাস্থ্য সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

বহুলোকে ইয়াক বিভিন্ন বস্তুৰ সৈতে দৈ খাবলৈ ভাল পায়।কিন্তু আপুনি জানেনে যে আয়ুৰ্বেদত, দৈৰ সৈতে কিছুমান বস্তু খোৱাটো ক্ষতিকাৰক বুলি গণ্য কৰা হয়।

যদি আপুনিও এই বস্তুবোৰৰ সৈতে দৈৰ খায়, তেন্তে আজিৰ পৰা এই কাম পৰিহাৰ কৰক । অন্যথা আপুনি অনুশোচনা কৰিব লাগিব পাৰে।

দৈৰ সৈতে কি খাব নালাগে

দৈ আৰু টেঙাজাতীয় ফল- দৈৰ সৈতে টেঙাজাতীয় ফল খাব নালাগে। বিশেষকৈ ৰসাল ফল। অন্যথা, উপকৃত হোৱাৰ পৰিৱৰ্তে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ভিটামিন চি টেঙাজাতীয় ফল আৰু দৈ দুয়োটাতে পোৱা যায়, কিন্তু দুয়োটাৰ পৃথকে পৃথকে খোৱাকে ভাল বুলি গণ্য কৰা হয়।

দৈ আৰু মাছ- আয়ুৰ্বেদৰ মতে, দৈ আৰু মাছ একেলগে খাব নালাগে কিয়নো দুয়োটাৰে গুণাগুণ বেলেগ বেলেগ। সেইকাৰণে দুয়ো বিৰুদ্ধ আহাৰ বুলি কোৱা হয়। যদি আপুনি দৈৰ সৈতে মাছ খায়, ইয়াৰ ফলত পেট ফুলিব পাৰে আৰু ছালৰ সমস্যা হ’ব পাৰে।

দৈ আৰু পিয়াজ- গ্ৰীষ্মকালত, বহুলোকে প্ৰায়ে দৈৰ সৈতে পিঁয়াজ মিহলি কৰি খাবলৈ ভাল পায়। কিন্তু পিঁয়াজ আৰু দৈ একেলগে খাব নালাগে। যদি আপুনি দৈৰ সৈতে কেঁচা পিয়াজ খায়, ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে। কিয়নো দুয়োটাৰ প্ৰভাৱ পৃথক, যিয়ে পাকস্থলীত প্ৰভাৱিত কৰিব পাৰে।

শেহতীয়া প্ৰৱন্ধসমূহ