উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইন্দিৰা খালৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষত চাৰিজন লোক নিহত হয়। ঘটনাটোত সাতজন লোক আহত হৈছিল।
ঘটনাটো বিবিডি আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল।জানিব পৰা মতে এখন দ্ৰুতবেগী ট্ৰাকে প্ৰথমে এখন ভান আৰু তাৰ পিছত SUV বাহনখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল।
সংঘৰ্ষৰ প্ৰভাৱ ইমানেই গুৰুতৰ আছিল যে দুয়োখন গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত ভেনখনত থকা তিনিজন লোক আৰু এছইউভিখনত থকা এজন ব্যক্তিসহ চাৰিজন লোক নিহত হয় আৰু আন সাতজন আহত হয়।
আহতসকলক ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে, আৰক্ষীয়ে জনায়। বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত এই ঘটনাৰ তদন্ত চলি আছে। ট্ৰাকখনক ইতিমধ্যে জব্দ কৰা হৈছে।