কামাখ্যা দেবোত্তৰ ব’ৰ্ডত বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে। কামাখ্যা মন্দিৰৰ ধনৰ অপব্যৱহাৰ কৰি লুণ্ঠন কৰাৰ অভিযোগ দেবোত্তৰ ব’ৰ্ডৰ বিৰুদ্ধে।
প্ৰায় ৭.৬২ কোটি টকাৰ কেলেংকাৰীৰ বাবে দেবোত্তৰ ব’ৰ্ডৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত EDৰ অভিযান। অভিযানত জব্দ ১.৮২ কোটি টকাৰ বীমা পলিচী।
ৰিজু প্ৰসাদ শৰ্মাৰ পৰিয়ালৰ আন আন সদস্যৰ নামতো বহু অস্থাৱৰ সম্পত্তি আৰু ব্যৱসায় থকাৰ তথ্য লাভ কৰিছে অভিযানত।২৭টাকৈ বেংক একাউন্ট বিভিন্ন ব্যক্তিৰ নামত থকাৰ তথ্যও লাভ ।
মন্দিৰৰ নিৰ্মাণ সামগ্ৰী ক্ৰয়ৰ নামত সংঘটিত কৰিছিল কেলেংকাৰী।বৈদ্যুতিক সামগ্ৰী, চিমেন্ট আদি ক্ৰয়ৰ নামত লুণ্ঠন চলাই গৈছিল কোটি কোটি টকা।
২০০৩ৰ পৰা ২০১৯ৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰী। এই সন্দৰ্ভত CIDত ৰুজু হৈছিল গোচৰ। অভিযানত উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্রও।