কমেডিয়ান কপিল শৰ্মাৰ লগতে বলিউডৰ কেইবাজনো চেলিব্ৰিটিয়ে ই-মেইল যোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে । কপিলৰ পূৰ্বে অভিনেতা ৰাজপাল যাদৱ, নৃত্য পৰিচালক ৰেমো ডিছ”জা আৰু কমেডিয়ান সুগন্ধা মিশ্ৰও এনে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল ।
মৃত্যুৰ ভাবুকি লাভ কৰিছS কপিলে-
কপিল শৰ্মালৈ ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনে কমেডিয়ানগৰাকীৰ লগতে তেওঁৰ আত্মীয়, পৰিয়ালৰ সদস্য, চিনাকি, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়াকো হত্যা কৰাৰ ভাবুকি দিছে । মুম্বাইৰ আম্বোলি আৰক্ষীয়ে ৩৫১(৩) ধাৰাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে । গোচৰ ৰুজু হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কপিল বা তেওঁৰ পৰিয়ালে কোনো বিবৃতি প্ৰকাশ কৰা নাই । দুয়োটা খবৰ নিশ্চিত হোৱা নাই । মাত্ৰ কোৱা হৈছে যে ই-মেইলৰ আই পি ঠিকনা পাকিস্তানৰ ।
বহু চেলিব্ৰিটিয়ে লাভ কৰিছে ভাবুকি !
কপিল শৰ্মাৰ পূৰ্বে ৰাজপাল যাদৱ, ৰেমো ডিছ’জা আৰু সুগন্ধা মিশ্ৰও মৃত্যুৰ ভাবুকি লাভ কৰিছে । এই ই-মেইল পঠোৱা ব্যক্তিজনৰ নাম বিষ্ণু বুলি কোৱা হৈছে । ইতিমধ্যে ঘটনাক লৈ তদন্তত ব্যস্ত হৈ পৰিছে মুম্বাই আৰক্ষী । ই-মেইলত ভাবুকি দিয়া হৈছে যে আমি এই সকলোবোৰ পাব্লিচিটি ষ্টাণ্টৰ বাবে কৰা নাই । আপোনাৰ সকলো কাম-কাজৰ বিষয়ে আমাৰ হাতত তথ্য আছে । অহা ৮ ঘণ্টাৰ ভিতৰত আপোনালোকৰ পৰা তৎকালীন সঁহাৰি আমি আশা কৰিছো । যদি আমি কোনো উত্তৰ নাপাওঁ তেন্তে আমি ধৰি লম যে আপুনি এই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই- বিষ্ণু । উল্লেখ্য যে তিনিওজন চেলিব্ৰিটিয়ে বিভিন্ন সময়ত ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছে ।
চেলিব্ৰিটিসকলে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰাৰ ঘটনা এয়াই প্ৰথম নহয় । যোৱা বছৰ ছলমান খান আৰু এ পি ধিলনেও ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল । ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ দায়িত্ব লৈছিল গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে । অৱশ্যে পিছত ছলমানে নিৰাপত্তা লাভ কৰাৰ লগতে বুলেট প্ৰুফ গাড়ীও কিনি লয় । ছলমানে ঘৰৰ বেলকনিও সুৰক্ষিত কৰে ।