আজি (২২ জানুৱাৰী) কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন খেল । আনহাতে, টি-২০ ছিৰিজৰ শেষ আৰু পঞ্চমখন মেচ ২ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব ।
ভাৰতৰ বাবে ভাল কথাটো হ’ল যে যোৱা ৬ বছৰত কোনো টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই, শেষবাৰৰ বাবে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈছিল দলটো । তাৰ পাছৰে পৰা ১৬ খন শৃংখলাত ভাৰতে ১৪ টা শৃংখলা জয় কৰিছে আৰু দুটা ড্ৰ’ হৈছে । একে সময়তে ইংলেণ্ডে ১৪ বছৰ ধৰি ভাৰতত টি-২০ শৃংখলাত জয়ী হোৱা নাই ।
এই ছিৰিজত ইংলেণ্ড দলৰ অধিনায়কত্ব জোছ বাটলাৰৰ হাতত আছে । একে সময়তে সূৰ্যকুমাৰ যাদৱে এই ফৰ্মেটত ভাৰতক অধিনায়কত্ব কৰিব । জোছ বাটলাৰেও এই ছিৰিজত অভিলেখ গঢ়াৰ ওচৰ চাপিছে । আনহাতে, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামী, অৰ্শদীপ সিঙে ৰেকৰ্ড বুকত নিজৰ নাম পঞ্জীয়ন কৰিব ।
চাহালৰ অভিলেখ ভংগ কৰিব অৰ্শদীপ সিঙে আৰু…
৬০খন টি-২০ত ৯৫টা উইকেট দখল কৰি অৰ্শদীপ সিঙে এই ফৰ্মেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালৰ পৰা মাত্ৰ এটা উইকেট পিছ পৰি আছে । এই পাঁচখন মেচৰ শৃংখলাত যদি অৰ্শদীপে ১০০ উইকেট দখল কৰাৰ মাইলৰ খুঁটি অৰ্জন কৰে তেন্তে তেওঁ হ’ব টি-২০ ইণ্টাৰনেশ্যনেলৰ দ্ৰুততম বলাৰ ।
এই মুহূৰ্তত, হেৰিছ ৰৌউফ হৈছে ১০০ টা উইকেট লোৱা দ্ৰুততম বলাৰ, যি ৭১ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছে । একে সময়তে, অৰ্শদীপৰ টি-২০ অভিষেকৰ পিছত, কোনো বলাৰে পাৱাৰপ্লে (৪০) বা শেষৰ পাঁচ অভাৰত (৪৬) তেওঁৰ তুলনাত অধিক উইকেট লোৱা নাই । চাহালে টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছে । চাহালে বৰ্তমান ৮০ খন টি-২০ খেলত ৯৬ টা উইকেট দখল কৰিছে ।
ভাৰতৰ হৈ সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট-
যুজবেন্দ্ৰ চাহাল– ৯৬ উইকেট
অৰ্শদীপ সিং– ৯৫ উইকেট
ভুৱনেশ্বৰ কুমাৰ- ৯০ উইকেট
যশপ্ৰীত বুমৰাহ– ৮৯ উইকেট
হাৰ্দিক পাণ্ডিয়া- ৮৯ উইকেট
৪৫০ ক্লাবত যোগদান কৰিব ছামীয়ে-
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৫০ বা তাতকৈ অধিক উইকেট দখল কৰা চতুৰ্থজন ভাৰতীয় বেগী বলাৰ হোৱাৰ সুযোগ আছে ছামীৰ । ইতিমধ্যে এই কৃতিত্ব অৰ্জন কৰিছে কপিল দেৱ (৬৮৭), জাহীৰ খান (৫৯৭) আৰু জাভাগল শ্ৰীনাথে (৫৫১) । এই কৃতিত্ব অৰ্জন কৰা ভাৰতীয় স্পীনাৰসকলৰ ভিতৰত অনিল কুম্বলে (৯৫৩), ৰবিচন্দ্ৰন অশ্বিন (৭৬৫), হৰভজন সিং (৭০৭) আৰু ৰবীন্দ্ৰ জাডেজা (৫৯৭) অন্যতম । ২০১৩ চনত অভিষেক ঘটোৱাৰ পিছত ছামীয়ে ৪.১২ ইকনমি ৰেটত ১৮৮খন আন্তঃৰাষ্ট্ৰীয় মেচত ৪৪৮টা উইকেট দখল কৰিছে ।
অনিল কুম্বলে – ৪০১ খন খেলত ৯৫৩ টা উইকেট
ৰবিচন্দ্ৰন অশ্বিন – ২৮৭ খন খেলত ৭৬৫ উইকেট
হৰভজন সিং – ৩৬৫ খন খেলত ৭০৭ উইকেট
কপিল দেৱ – ৩৫৬ খন খেলত ৬৮৭ উইকেট
ৰবীন্দ্ৰ জাডেজা – ৩৫১ খন খেলত ৫৯৭ উইকেট
জাহীৰ খান – ৩৫১ খন খেলত ৫৯৭ উইকেট
জাভাগল শ্ৰীনাথ – ২৯৬ খন মেচত ৫৫১ টা উইকেট
মহম্মদ ছামী – ১৮৮ খন মেচত ৪৪৮ উইকেট
জোছ বাটলাৰে অতিক্ৰম কৰিব কোহলীক…
এই ছিৰিজত ১৫১ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে টি-২০ ছিৰিজত কোহলীৰ অভিলেখ ভংগ কৰিব জোছ বাটলাৰে । দৰাচলতে ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা মেচত বিৰাট কোহলীয়ে সৰ্বাধিক টি-২০ ৰান সংগ্ৰহ কৰিছে । যিহেতু ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰি বিৰাট কোহলীয়ে এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, সেয়েহে এতিয়া বাটলাৰে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সুযোগ পাইছে । ইংলেণ্ডৰ বিৰুদ্ধে ২১ খন টি-২০ মেচত বিৰাট কোহলীয়ে ৬৪৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বাটলাৰে ভাৰতৰ বিৰুদ্ধে ২২ খন টি-২০ মেচত ৪৯৮ ৰান সংগ্ৰহ কৰিছে ।
ক্ৰীছ জৰ্ডানক অতিক্ৰম কৰিব পাণ্ডিয়াই-
এই টি-২০ ছিৰিজত ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এক বৃহৎ অভিলেখ গঢ়াৰ কাষ চাপিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাত এতিয়ালৈকে সৰ্বাধিক উইকেট দখল কৰিছে ক্ৰীছ জৰ্ডানে ।
দুয়োখন দেশৰ মাজত খেলা ১৬খন টি-২০ মেচত জৰ্ডানে ২৪টা উইকেট দখল কৰিছে । এই তালিকাত ২ নম্বৰ স্থানত আছে যুজবেন্দ্ৰ চাহাল, তেওঁ ১১ খন টি-২০ মেচত মুঠ ১৬ টা উইকেট দখল কৰিছে । এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত খেলা টি-২০ মেচত চাহাল আৰু ক্ৰীছ জৰ্ডান দুয়োৰে অভিলেখ ভংগ কৰিব পাৰে পাণ্ডিয়াই । ইংলেণ্ডৰ বিৰুদ্ধে ১৫ খন টি-২০ মেচত এই পৰ্যন্ত ১৪ টা উইকেট দখল কৰিছে পাণ্ডিয়াই । এনে পৰিস্থিতিত যদি তেওঁ নিজৰ ছন্দত থাকে, তেন্তে তেওঁ এই অভিলেখ ভংগ কৰিব পাৰে ।
ভাৰত-ইংলেণ্ড টি-২০ হেড টু হেড-
মুঠ মেচ ২৪
ভাৰতৰ জয়লাভ ১৩
ইংলেণ্ডৰ জয়লাভ ১১