ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্য চমুকৈ ডি আৰ ডি অ’ই স্ক্ৰেমজেট ইঞ্জিনৰ সফলতাৰে পৰীক্ষা কৰিছে । মঙলবাৰে ভাগ্যনগৰৰ ডি আৰ ডি অ’ৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰীত এই পৰীক্ষা সম্পন্ন কৰা হয় । এই প্ৰযুক্তিয়ে পৰৱৰ্তী প্ৰজন্মৰ হাইপাৰছনিক মিছাইল নিৰ্মাণত বহুখিনি সহায় কৰিব ।
ডি আৰ ডি অ’ক প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ-
এই থলুৱাভাৱে বিকশিত প্ৰযুক্তি ব্যৱহাৰ কৰি ডি আৰ ডি এলে ভাৰতত প্ৰথমবাৰৰ বাবে ১২০ ছেকেণ্ডৰ বাবে অত্যাধুনিক সক্ৰিয়ভাৱে কুল্ড স্ক্ৰেমজেট দহনকাৰীৰ গ্ৰাউণ্ড টেষ্ট প্ৰদৰ্শন কৰে । এই সফলতাৰ বাবে ডি আৰ ডি অ’ক প্ৰশংসা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয়, এই কৃতিত্ব পৰৱৰ্তী প্ৰজন্মৰ হাইপাৰছ’নিক মিছনৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ।
একে সময়তে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাত ডি এ ডি এলৰ দলটোক উন্নত তাপ ব্যৱস্থাপনা পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । স্ক্ৰেমজেট ইঞ্জিনত ইগনিচনক ‘ধুমুহাত মমবাতি জ্বলাই ৰখা’ৰ দৰে বুলি গণ্য কৰা হয় বুলিও তেওঁ কয় ।
স্ক্ৰেমজেট দহনকাৰীত ফ্লেম ষ্টেবেলাইজেশ্যন প্ৰযুক্তিৰ ব্যৱহাৰ-
স্ক্ৰেমজেট কম্বাষ্টৰত ফ্লেম ষ্টেবেলাইজেশ্যন প্ৰযুক্তি ব্যৱহাৰ কৰা হয় যিয়ে দহনকাৰীৰ ভিতৰত ১.৫ কিলোমিটাৰ প্ৰতি ছেকেণ্ডতকৈ অধিক বায়ুৰ গতিৰে অবিৰত শিখা বজাই ৰাখে । পৰীক্ষাৰ সময়ত স্ক্ৰেমজেট ইঞ্জিনৰ বিন্যাসত উপনীত হ’বলৈ গ্ৰাউণ্ড টেষ্টৰ জৰিয়তে শিখা ধৰি ৰখা কৌশল অধ্যয়ন কৰা হৈছিল । স্ক্ৰেমজেট ইঞ্জিনে বতাহত উপস্থিত অক্সিজেন ব্যৱহাৰ কৰি ছুপাৰছনিক গতিৰে ইন্ধন জ্বলাব পাৰে । ইয়াত কোনো চলন্ত অংশ নাই ।
স্ক্ৰেমজেট ইঞ্জিনৰ বৈশিষ্ট্য-
এই পৰীক্ষাৰ সময়ত স্ক্ৰেমজেট ইঞ্জিনে কেইবাটাও কৃতিত্ব প্ৰদৰ্শন কৰিছিল, যেনে সফল প্ৰজ্বলন আৰু সুস্থিৰ দহন । হাইপাৰছনিক মিছাইল এনে উন্নত অস্ত্ৰ ব্যৱস্থা যিয়ে শব্দৰ গতিতকৈ পাঁচগুণ বেছি বেগেৰে অৰ্থাৎ মেক ৫তকৈ অধিক (ঘণ্টাত ৫৪০০ কিলোমিটাৰ) যাত্ৰা কৰে । এই ক্ষেপণাস্ত্ৰসমূহে বৰ্তমানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক বাইপাছ কৰি দ্ৰুত আৰু শক্তিশালী আক্ৰমণ চলাব পাৰে । আমেৰিকা, ৰাছিয়া, ভাৰত আৰু চীনৰ দৰে বিশ্বৰ বহু দেশে হাইপাৰছ’নিক প্ৰযুক্তিৰ ওপৰত দ্ৰুতগতিত কাম কৰি আছে ।