প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি ‘স্কাই ফৰ্চ’ (Sky Force)ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে । এই স্ক্ৰীনিঙৰ কিছু ছবি তেওঁ নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চালে ‘স্কাই ফৰ্চ’।
মঙলবাৰে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি স্কাই ফৰ্চৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁৰ লগতে চি ডি এছ জেনেৰেল অনিল চৌহানকে ধৰি অন্যান্য বিষয়াসকলো ছবিখনৰ এই প্ৰদৰ্শনত উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে ছবিখনৰ তাৰকা অভিনেতাৰ ছবিও তেওঁৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰে ।
Joined CDS and three service chiefs at the special screening of ‘Sky Force’. The film narrates the story of Indian Air Force’s bravery, courage and sacrifice during the 1965 War. I laud the makers of the film for their efforts. pic.twitter.com/a6NBB7Qkto
— Rajnath Singh (@rajnathsingh) January 21, 2025
২৪ জানুৱাৰীত মুক্তি পাব ছবিখনে-
ছবিখনৰ পৰিচালক অভিষেক অনিল কাপুৰ আৰু সন্দীপ কেৱলানী । ১৯৬৫ চনৰ ভাৰত-পাকিস্তান বিমান যুদ্ধৰ সময়ত পাকিস্তানৰ চাৰগোধা এয়াৰবেছত ভাৰতে কৰা প্রত্যাক্রমণৰ কাহিনীৰে নিৰ্মিত হৈছে স্কাই ফৰ্চ । অহা ২৪ জানুৱাৰীত ছবিগৃহত মুক্তি পাব স্কাই ফৰ্চ ছবিখনে । ছবিখনত নিমৰাট কৌৰ আৰু চাৰা আলী খানকো দেখা যাব ।