২০২৫ চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ বিশেষ হ’ব, যিয়ে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তিৰ এক অনন্য মিশ্ৰণ প্ৰদৰ্শন কৰিব । এই বছৰ, কুচকাৱাজ তথা পেৰেডে সংবিধান স্থাপন আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকীত গুৰুত্ব দিব । পেৰেডৰ মুখ্য অতিথি হ’ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়াণ্টো । প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে এই তথ্য প্ৰদান কৰে ।
প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কয় যে ২৬ জানুৱাৰীত কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া পেৰেডত ইণ্ডোনেছিয়াৰ ১৬০ জনীয়া মাৰ্চিং দল আৰু ১৯০ জনীয়া বেণ্ড দলে অংশগ্ৰহণ কৰিব । ইয়াৰ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলসমূহো কুচকাৱাজৰ অংশ হ’ব ।
মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সৈতে গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ আৰম্ভ হ’ব । ইয়াৰ পিছত, ৰাষ্ট্ৰপতিয়ে এখন পৰম্পৰাগত বাহনত ৰাজপথত উপস্থিত হ’ব আৰু এক বিশাল মাৰ্চ পাষ্টক অভিবাদন জনাব । এই মাৰ্চ পাষ্টত ভাৰতীয় সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, সহায়ক অসামৰিক বাহিনী, ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (এন চি চি) আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ) দলৰ অংশগ্ৰহণ থাকিব । এই কুচকাৱাজে কেৱল ভাৰতৰ সামৰিক শক্তি প্ৰদৰ্শন নকৰে, ই সংস্কৃতি, বৈচিত্ৰ্য আৰু ৰাষ্ট্ৰীয় ঐক্যৰ এক আভাসো উপস্থাপন কৰিব ।