কলকাতা আৰ জি কৰ কাণ্ডৰ ৰায়দান; দোষী সঞ্জয় ৰয়ক আজীৱন কাৰাদণ্ড, মৃত্যু পৰ্যন্ত থাকিব লাগিব কাৰাগাৰত

দেশ কপোৱা কলকাতা আৰ জি কৰ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা। কলকাতা উচ্চ ন্যায়ালয়ে সোমবাৰে সঞ্জয় ৰয়ক আৰজিকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। শিয়ালদাহ আদালতত ন্যায়াধীশ অনিৰ্বাণ দাসে আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয়

দেশ কপোৱা কলকাতা আৰ জি কৰ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা। কলকাতা উচ্চ ন্যায়ালয়ে সোমবাৰে সঞ্জয় ৰয়ক আৰজিকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে।

শিয়ালদাহ আদালতত ন্যায়াধীশ অনিৰ্বাণ দাসে আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত সঞ্জয় ৰায়ক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

১৮ জানুৱাৰীত সঞ্জয় ৰয়ক এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত শিয়ালদাহ আদালতে দোষী সাব্যস্ত কৰিছিল। সঞ্জয় ৰয়ক বিএনএছৰ ধাৰা ৬৪, ৬৬ আৰু ১০৩(১)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল।

দেশজুৰি সঞ্জয় ৰয়ক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰা হৈছিল। ৰায়টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দোষী সঞ্জয় ৰয়ে মৃত্যু পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব।

শেহতীয়া প্ৰৱন্ধসমূহ