প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা ক্ষেত্ৰৰ শাস্ত্ৰী দলঙৰ তলৰ পেণ্ডেলত ভয়ংকৰ অগ্নিকাণ্ড । মেলা ক্ষেত্ৰৰ ১৯ নং ছেক্টৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত ১৮টা তম্বু ভস্মীভূত হয় । জুই নিয়ন্ত্ৰণৰ বাবে ১৫-১৬ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হয় । বহু কষ্টৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ পিছত চিকিৎসালয়ত প্ৰস্তুতি চলোৱা হৈছে । সৌভাগ্যক্ৰমে এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই । ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ সেই স্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । তেওঁ ক্ষতিগ্ৰস্ত ক্ষেত্ৰ পৰিদৰ্শন কৰি বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে ।
মহাকুম্ভ মেলা ক্ষেত্ৰৰ ১৯ নং ছেক্টৰৰ ১২ নং পণ্টুন দলঙত অৱস্থিত নিখিল ভাৰত ধৰ্ম সংঘ শ্ৰীকপত্ৰী ধাম বাৰাণসীৰ শিবিৰত অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ পিছত আন আন শিবিৰতো জুই লাগে আৰু তাত ৰখা এল পি জি চিলিণ্ডাৰবোৰৰ বিস্ফোৰণ আৰম্ভ হয় । মাজে মাজে চিলিণ্ডাৰবোৰ বিস্ফোৰণ হৈ আছিল । তথ্য অনুসৰি এই দুৰ্ঘটনাত ১৯টা চিলিণ্ডাৰ বিস্ফোৰণ হয় । ইয়াৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেন্দ্ৰীয় চিকিৎসালয় মহাকুম্ভত ১০ জন চিকিৎসকক জৰুৰীকালীন অৱস্থালৈ মাতি অনা হয় । এছ আৰ এন হাস্পতালকো এলাৰ্ট মোডত ৰখা হৈছে । অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগীয়ে গুৰুত্ব প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে থিতাতে উপস্থিত থাকে জ্যেষ্ঠ বিষয়া । আহতসকলৰ সঠিক চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিছে ।
৩০০ ফুট পৰ্যন্ত ওপৰলৈ উঠি ধোঁৱা, মহাকুম্ভ ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী যোগী-
অগ্নিকাণ্ডৰ দুই মিনিট পিছতে আহি উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী । দহ মিনিটৰ প্ৰচেষ্টাৰ পিছতো জুই নিৰ্বাপন কৰিব পৰা হোৱা নাছিল, তাৰ পিছত আন দলসমূহেও জুই নিৰ্বাপনৰ দায়িত্ব লয় । জুই বাঢ়ি গৈ ১০০ বৰ্গমিটাৰতকৈও অধিক অঞ্চলত বিয়পি পৰে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো মহাকুম্ভ ক্ষেত্ৰত আছে ।