থলুৱা এণ্টি-টেংক গাইডেড মিছাইল নাগৰ দ্বিতীয় সংস্কৰণ, ‘নাগ এম কে ২’য়ে এতিয়া নতুন শক্তিৰে শত্ৰুৰ টেংক ধ্বংস কৰিব । ভাৰতে এই তৃতীয় প্ৰজন্মৰ মিছাইলৰ ক্ষেত্ৰ মূল্যায়ন পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে এই পৰীক্ষা শেহতীয়াকৈ ৰাজস্থানৰ পোখৰাণৰ ফায়াৰিং ৰেঞ্জত জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ উপস্থিতিত কৰা হৈছিল ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, তিনিটা ক্ষেত্ৰ পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰ ব্যৱস্থাই সৰ্বোচ্চ আৰু সৰ্বনিম্ন দূৰত্বত সকলো লক্ষ্য সঠিকভাৱে ধ্বংস কৰিছিল । ইয়াৰ ফলত ইয়াৰ ফায়াৰিং ৰেঞ্জ নিশ্চিত হ’ল । নাগ মিছাইল বাহক সংস্কৰণ-২ৰো ক্ষেত্ৰভিত্তিক মূল্যায়ন কৰা হৈছিল । ইয়াৰ লগে লগে এই সমগ্ৰ অস্ত্ৰ প্ৰণালী এতিয়া ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে বুলি মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে ।
ডি আৰ ডি অ’, সেনাবাহিনীক অভিনন্দন জনালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে-
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নাগ এম কে ২ৰ সম্পূৰ্ণ অস্ত্ৰ প্ৰণালীৰ সফল ক্ষেত্ৰ মূল্যায়ন পৰীক্ষাৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), ভাৰতীয় সেনা আৰু উদ্যোগক অভিনন্দন জনায় । ডি আৰ ডি অ’ৰ অধ্যক্ষ সমীৰ ভি কামাটে এই ক্ষেপণাস্ত্ৰ সেনাবাহিনীত প্ৰৱেশৰ বাবে সাজু কৰি তোলাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।