শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৬৫ লাখ SVAMITVA সম্পত্তি কাৰ্ড (SVAMITVA Property Card) বিতৰণ কৰে । ভাৰ্চুৱেলী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ কয় যে পাঁচ বছৰ পূৰ্বে আৰম্ভ হোৱা এই আঁচনিৰ অধীনত ২.২৫ কোটি লোকে ঘৰৰ মালিকীস্বত্বৰ আইনী প্ৰমাণ লাভ কৰিছে ।
পূৰ্বে গাঁৱৰ মানুহৰ লাখ লাখ কোটি টকাৰ সম্পত্তি থকাৰ পাছতো ইমান মূল্য নাছিল । কাৰণ তেওঁলোকৰ হাতত কোনো আইনী নথি-পত্ৰ নাছিল । এতিয়া ১০০ লাখ কোটিতকৈও অধিক মূল্যৰ অৰ্থনৈতিক কাম-কাজৰ বাট মুকলি হৈছে ।
২.২৫ কোটি সম্পত্তি কাৰ্ড সাজু-
তেওঁ কয় যে আজিৰ সময়ত গাঁৱৰ অৰ্থনীতি গুৰুত্বপূৰ্ণ । তেওঁ আৰু কয় যে আগতে ঘৰ বা মাটিৰ মালিকীস্বত্বৰ সন্দৰ্ভত বিবাদ হৈছিল । ক্ষমতাশালী লোকসকলে ঘৰ-মাটি নিজৰ দখললৈ নিছিল আৰু কোনো নথি-পত্ৰৰ অভাৱত বেংকবোৰো ৰাইজৰ পৰা আঁতৰি আছিল । এই আঁচনিৰ অধীনত ১২খন ৰাজ্যৰ ২৩০খন জিলাৰ ৫০ হাজাৰৰো অধিক গাঁও অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়ালৈকে প্ৰায় ২.২৫ কোটি সম্পত্তি কাৰ্ড (SVAMITVA Scheme Property Card) ১.৫৩ লাখৰো অধিক গাঁৱৰ বাবে প্ৰস্তুত কৰা হৈছে ।
সম্পত্তি কাৰ্ড আঁচনি কি ?
এইখন কেন্দ্ৰৰ দ্বাৰা পৰিচালিত চৰকাৰী আঁচনি, যিখন আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত ৯খন ৰাজ্যত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছিল । এই আঁচনিখনত ড্ৰ’ন প্ৰযুক্তিৰ জৰিয়তে মাটিৰ মেপিং আৰু মালিকৰ ৰেকৰ্ড প্ৰস্তুত কৰা হয় । ইয়াৰ পিছত সম্পত্তিৰ মালিকক কাৰ্ড প্ৰদান কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে গাঁওবাসীক সম্পত্তিৰ মালিকীস্বত্ব প্ৰদান কৰা । ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এতিয়াও এই আঁচনিৰ অধীনত আছে ।
ছিকিম, তেলেংগানা আৰু তামিলনাডু কেৱল পাইলট পৰ্যায়ত আছিল । পশ্চিম বংগ, বিহাৰ, নাগালেণ্ড আৰু মেঘালয়ে এই আঁচনিখনত যোগদান কৰা নাই । এই আঁচনিখন ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছে । মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ লগতে কেইবাটাও কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰ’ন জৰীপ সম্পূৰ্ণ কৰা হৈছে । এই আঁচনিৰ অধীনত এখন কাৰ্ড দিয়া হয় য’ত মাটিৰ সম্পূৰ্ণ তথ্য থাকে । এই কাৰ্ডৰ সহায়ত আপুনি সহজেই বেংকৰ ঋণো ল’ব পাৰে ।
এই আঁচনিৰ ৫ টা ডাঙৰ সুবিধা-
-ইয়াৰ মূল উদ্দেশ্য হৈছে সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰা আৰু মাটিৰ সঠিক ৰেকৰ্ড ৰখা ।
-গাঁওবাসীয়ে ঋণ আৰু আৰ্থিক সুবিধা লাভ কৰিবলৈ নিজৰ সম্পত্তিক আৰ্থিক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা ।
-এই আঁচনিৰ পৰা যি সম্পত্তি কৰ লাভ কৰা হ’ব, সেয়া পঞ্চায়ত বা ৰাজ্যৰ কোষাগাৰত অন্তৰ্ভুক্ত হ’ব ।
-এই আঁচনিৰ অধীনত জি আই এছ মেপিং কৰা হ’ব আৰু আন্তঃগাঁথনি জৰীপ কৰা হ’ব ।