বিহুৰ আনন্দৰ মাজতেই পশ্চিম নলবাৰীৰ উদ্ধাৰ হ’ল দুটাকৈ মৃতদেহ।বাটসৰত জানপাৰ চুবুৰীত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে ।
বাটসৰত উদ্ধাৰ হোৱা মৃতদেহটো ৬২ বছৰীয়া কনক চন্দ্ৰ মেধিৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে । কনক চন্দ্ৰ মেধি আছিল অৱসৰপ্ৰাপ্ত সেনা বিষয়।
উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তি গৰাকী পাছ দিন ধৰি নিৰুদ্দেশ হৈ আছিল ।আনহাতে ঘগ্ৰাপাৰৰ নাৰিকুছিৰ এখন পথাৰত উদ্ধাৰ হৈছে আন এটা মৃতদেহ। মৃতদেহটো ঘগ্ৰাপাৰৰ বুৰবুৰী গাঁৱৰ কনক দাসৰ।
জানিব পৰা মতে বুধবাৰে পুৱা স্থানীয় এজন কৃষকে গৰু এৰাল দিবলৈ গৈ মৃতদেহটো প্রত্যক্ষ কৰে।ইতিমধ্যে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ বাবে মৃতদেহটো চিকিৎসালয়লৈ প্রেৰণ কৰিছে। দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।