এদিনীয়া শৃংখলাত ভাৰতীয় মহিলা দলৰ ইতিহাস সৃষ্টি; সোণালী আখৰেৰে লিপিবদ্ধ হ’ল কেপ্টেইন স্মৃতি মান্ধানাৰ নাম

ভাৰতীয় মহিলা দলে তৃতীয় এদিনীয়াত আয়াৰলেণ্ড মহিলাক ৩০৪ ৰাণত পৰাস্ত কৰে আৰু শৃংখলাটো ৩-০ ত জয় লাভ কৰে।খেলখনত ভাৰতীয় বলাৰ আৰু বেটছমেনসকলে আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছিল। এই খেলখনত ভাৰতীয় দলৰ অধিনায়ক স্মৃতি মান্ধানাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, যিটো শুদ্ধ বুলি প্ৰমাণিত হয়।

ভাৰতীয় মহিলা দলে তৃতীয় এদিনীয়াত আয়াৰলেণ্ড মহিলাক ৩০৪ ৰাণত পৰাস্ত কৰে আৰু শৃংখলাটো ৩-০ ত জয় লাভ কৰে।খেলখনত ভাৰতীয় বলাৰ আৰু বেটছমেনসকলে আশ্চৰ্যজনক প্ৰদৰ্শন কৰিছিল।

এই খেলখনত ভাৰতীয় দলৰ অধিনায়ক স্মৃতি মান্ধানাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, যিটো শুদ্ধ বুলি প্ৰমাণিত হয়।

খেলখনত দলটোৱে প্ৰথমে বেটিং কৰাৰ সময়ত ৪৩৫ ৰাণ সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়াস্বৰূপে আয়াৰলেণ্ডৰ দলটো মাত্ৰ ১৩১ ৰাণতে অল আউট হয় আৰু ভাৰতীয় মহিলা দলে এদিনীয়া ক্ৰিকেটত বৃহৎ জয় অৰ্জন কৰে।

ইয়াৰ পূৰ্বে, ভাৰতীয় মহিলা দলে ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচখন ২৪৯ ৰাণত জয় লাভ কৰিছিল। য’ত ভাৰতীয় দলটোৰ অধিনায়ক আছিল মিতালী ৰাজে।

এতিয়া স্মৃতি মান্ধানাৰ অধিনায়কত্বত ভাৰতে এই অভিলেখ অতিক্ৰম কৰে আৰু লগতে ৩০৪ ৰাণত ইতিহাস সৃষ্টি কৰে।

কিয়নো প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা দলে এখন এদিনীয়া মেচত ৩০০ তকৈ অধিক ৰাণত জয়লাভ কৰিছে আৰু মান্ধানাৰ অধিনায়কত্বত এইটো ঘটিছে।

শেহতীয়া প্ৰৱন্ধসমূহ