বিজেপি সভাপতি জে পি নাড্ডাই বুধবাৰে কৈছিল যে কংগ্ৰেছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ মন্তব্যৰ সৈতে কংগ্ৰেছৰ “ঘৃণনিয় সত্য” পোহৰলৈ আহিছে।
য’ত তেওঁ দাবী কৰিছে যে “আমি এতিয়া বিজেপি, আৰ এছ এছ আৰু ভাৰতীয় ৰাজ্যৰ বিৰুদ্ধে যুঁজি আছো”। ৰাহুলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীৰ কোটলা ৰোডৰ ৯এ ত কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছত দলৰ নেতাসকলক সম্বোধন কৰি কয়, “আমি নিৰপেক্ষ যুঁজ তৈয়াৰ কৰি আছো বুলি নাভাবিব।
ইয়াত কোনো বস্তুনিষ্ঠতা নাই।যদি আপোনালোকে বিশ্বাস কৰে যে আমি বিজেপি নামৰ এটা ৰাজনৈতিক সংগঠনৰ সৈতে যুঁজি আছো বা আমি আৰ এছ এছ নামৰ এটা ৰাজনৈতিক সংগঠনৰ বিৰুদ্ধে যুঁজ দি আছো, তেনেহলে আপোনালোকে বুজি পোৱা নাই কি হৈ আছে। ’’
তেওঁ লগতে কয় “বিজেপি আৰু আৰ এছ এছে আমাৰ দেশৰ প্ৰতিটো প্ৰতিষ্ঠান দখল কৰিছে। এতিয়া আমি কেৱল বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধেই নহয়, ভাৰতীয় ৰাজ্যৰ বিৰুদ্ধেও যুঁজ দিছো। ’’
ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নাড্ডাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাহুল গান্ধী আৰু তেওঁৰ ‘পৰিস্থিতিতন্ত্ৰ’ৰ নগৰীয়া নক্সাল আৰু ‘দীপ ষ্টেট’ৰ সৈতে গভীৰ সম্পৰ্ক আছে যিয়ে ভাৰতক ‘বদনাম, অপমান আৰু শেষ’ কৰিব বিচৰিছে।
‘দীপ ষ্টেট’ হৈছে এক গোট যি গোপনে ইয়াৰ বিশেষ স্বাৰ্থ পূৰণৰ বাবে কাম কৰে, বিশেষকৈ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰবোৰক অস্থিৰ কৰিবলৈ কাম কৰে।
নাড্ডাই দাবী কৰিছিল যে ৰাহুল গান্ধীয়ে যি কৰিছে বা কৈছে সেয়া ভাৰত ভংগ কৰা আৰু আমাৰ সমাজক বিভক্ত কৰাৰ দিশত।তেওঁ কৈছে যে “আৰু একো লুকাই থকা নাই, কংগ্ৰেছৰ ঘৃণনীয় সত্য এতিয়া তেওঁলোকৰ নিজৰ নেতাই উন্মোচিত কৰিছে’’।
“মই ৰাহুল গান্ধীক অভিনন্দন জনাইছো যে তেওঁ স্পষ্টকৈ এইটো কৈছে,যিটো সমগ্ৰ দেশে জানে যে তেওঁ ভাৰতৰ বিৰুদ্ধে যুঁজ দি আছে”।
বিজেপি সভাপতিজনে অভিযোগ কৰিছিল যে কংগ্ৰেছে সেই সকলো শক্তিক উৎসাহিত কৰাৰ ইতিহাস আছে যিয়ে দুৰ্বল ভাৰত বিচাৰে।
নড্ডাই লগতে কয় যে “ক্ষমতাৰ লোভৰ অৰ্থ হৈছে দেশৰ অখণ্ডতাৰ সৈতে আপোচ কৰা আৰু জনসাধাৰণৰ বিশ্বাসঘাতকতা কৰা। ভাৰতৰ লোকসকল যথেষ্ট জ্ঞানী সেয়েহে তেওঁলোকে সিদ্ধান্ত লৈছে যে সদায় ৰাহুল গান্ধী আৰু তেওঁৰ আদৰ্শক সদায় প্ৰত্যাখ্যান কৰিম’’।