ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হৈছে । দিল্লীয়ে মস্কোৰ সন্মুখত এই বিষয়টো কঠোৰভাৱে উত্থাপন কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰালাৰ ভাৰতীয় নাগৰিকগৰাকীৰ মৃত্যুৰ পিছত ভাৰতে ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া ভাৰতীয় নাগৰিকসকলক আগতীয়াকৈ মুকলি কৰি দিয়াৰ বাবে ৰাছিয়াক পুনৰবাৰ দাবী জনাইছে ।
বৈদেশিক মন্ত্ৰালয়ে দিলে বিবৃতি-
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে মঙলবাৰে কয় যে, “আমি কেৰালাৰ এজন ভাৰতীয় নাগৰিকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বিষয়ে জানিব পাৰিছো, যিজনক আপাত দৃষ্টিত ৰাছিয়ান সেনাবাহিনীত সেৱা আগবঢ়াবলৈ নিযুক্তি দিয়া হৈছিল । কেৰালাৰ আন এজন ভাৰতীয় নাগৰিক, যি একেদৰেই ভৰ্তি হৈছিল, আঘাতপ্ৰাপ্ত হৈছে আৰু মস্কোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।’
‘মৃতদেহ ভাৰতলৈ অনাৰ প্ৰচেষ্টা অব্যাহত’
ৰণধীৰ জয়ছৱালে মস্কোত থকা ভাৰতীয় দূতাবাস দুয়োজন ভাৰতীয়ৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে আৰু তেওঁলোকক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰা হৈছে বুলি কয় । জয়ছোৱালে কয়, ‘আমি ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি মৃতদেহটো অতি সোনকালে ভাৰতলৈ অনাৰ বাবে কাম কৰি আছোঁ ।’
দিল্লীত ৰাছিয়াৰ দূতাবাসৰ সন্মুখতো বিষয়টো উত্থাপন-
তেওঁ কয়, ‘আমি আহতসকলক অতি সোনকালে ডিচচাৰ্জ কৰি ভাৰতলৈ ঘূৰাই পঠিয়াবলৈও দাবী জনাইছো ।’ তেওঁ কয়, ‘এই বিষয়টো আজি মস্কোত থকা ৰাছিয়া কৰ্তৃপক্ষৰ লগতে নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসৰ সৈতেও তীব্ৰভাৱে উত্থাপন কৰা হৈছে ।’ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে ভাৰতে ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত বাকী থকা ভাৰতীয় নাগৰিকসকলক আগতীয়াকৈ মুকলি কৰি দিয়াৰ দাবীও পুনৰবাৰ প্ৰকাশ কৰিছে ।