ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কৰক এই কাম...কেতিয়াও নহয় গেছ আৰু টেঙা ওগাৰৰ পৰা পাব সকাহ

ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কৰক এই কাম…কেতিয়াও নহয় গেছ আৰু টেঙা ওগাৰৰ পৰা পাব সকাহ

পেটৰ লগত জড়িত সমস্যা যেনে গেছ, টেঙা ওগাৰ আৰু এচিডিটি আজিকালি প্ৰতিগৰাকী ব্যক্তিৰ বাবে সাধাৰণ হৈ পৰিছে । আমাৰ খাদ্যাভ্যাস, অনিয়মিত জীৱনশৈলী আৰু মানসিক চাপ ইয়াৰ মূল কাৰণ । কিন্তু, ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কিছু সহজ ব্যৱস্থা গ্ৰহণ কৰিলে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি

পেটৰ লগত জড়িত সমস্যা যেনে গেছ, টেঙা ওগাৰ আৰু এচিডিটি আজিকালি প্ৰতিগৰাকী ব্যক্তিৰ বাবে সাধাৰণ হৈ পৰিছে । আমাৰ খাদ্যাভ্যাস, অনিয়মিত জীৱনশৈলী আৰু মানসিক চাপ ইয়াৰ মূল কাৰণ । কিন্তু, ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কিছু সহজ ব্যৱস্থা গ্ৰহণ কৰিলে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি । ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কিছুমান সহজ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি কেৱল গেছ আৰু টেঙা ওগাৰৰ পৰা মুক্তি পোৱাই নহয়, আপোনাৰ পাচনতন্ত্ৰও শক্তিশালী কৰিব পাৰে ।

এই উপায়ে আপোনাৰ টোপনি ভাল কৰি ৰাতিপুৱা সতেজ অনুভৱ কৰাব । সুস্থ পাচনতন্ত্ৰৰ বাবে সঠিক খাদ্য আৰু সঠিক ৰুটিন গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ । মনত ৰাখিব, সৰু সৰু অভ্যাসেহে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে । জানক কেইটামান উপায় যিয়ে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰিব লগতে গেছ আৰু টেঙা ওগাৰৰ পৰা মুক্তি পোৱাত সহায় কৰিব ।

ৰাতি লঘু আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক-

ৰাতিৰ আহাৰ সদায় লঘু আৰু সময়মতে খাব লাগে । বেছি দেৰিকৈ খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়, যাৰ ফলত গেছ আৰু টেঙা ওগাৰ আৰম্ভ হ’ব পাৰে । শুবলৈ যোৱাৰ ২-৩ ঘণ্টা পূৰ্বে ৰাতিৰ আহাৰ খাবলৈ চেষ্টা কৰক । ৰাতিৰ আহাৰত চালাড, চুপ আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক ।

আদা আৰু মৌ সেৱন কৰক-

আদা আৰু মৌ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী । শুবলৈ যোৱাৰ পূৰ্বে অলপ আদা আৰু এচামুচ মৌ মিহলাই একাপ কুহুম পানী খাব লাগে । ইয়াৰ ফলত আপোনাৰ পাচন শক্তি বৃদ্ধি হোৱাই নহয়, গেছ আৰু এচিডিটিৰ পৰাও সকাহ পাব ।

ত্ৰিফলা গুড়ি সেৱন-

ত্ৰিফলা গুড়ি আয়ুৰ্বেদৰ এটা প্ৰধান উপাদান, যিয়ে পেটৰ সকলো সমস্যাৰ সমাধান কৰে । ৰাতি শুবলৈ যোৱাৰ পূৰ্বে এগিলাচ কুহুমীয়া পানীত মিহলাই এচামুচ ত্ৰিফলা গুড়ি খাব লাগে । ইয়াৰ দ্বাৰা আপোনাৰ পাচনতন্ত্ৰ পৰিষ্কাৰ হোৱাই নহয়, পুৱা সতেজো অনুভৱ হ’ব ।

যোগাসন আৰু ধ্যান কৰক-

ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কেইমিনিটমান যোগাসন বা ধ্যান কৰাটো অতি উপকাৰী হ’ব পাৰে । ই আপোনাৰ শৰীৰ আৰু মনক শান্ত কৰাৰ লগতে পাচনতন্ত্ৰৰ উন্নতি সাধন কৰে । বজ্ৰাসন বা সুখাসনৰ দৰে সহজ যোগ আসন চেষ্টা কৰিব পাৰে ।

কুহুমীয়া পানী খাব লাগে-

শুবলৈ যোৱাৰ পূৰ্বে এগিলাচ কুহুমীয়া পানী খাব লাগে । ই পাচনতন্ত্ৰ সক্ৰিয় কৰে আৰু গেছ গঠন ৰোধ কৰে । ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ফ্লাছ কৰি উলিওৱাত সহায় কৰে ।

মছলাযুক্ত আৰু ভজা খাদ্য পৰিহাৰ কৰক-

ৰাতিৰ আহাৰত মছলাযুক্ত আৰু ভজা খাদ্য গ্ৰহণ নকৰিব । এইবোৰ বস্তুৱে আপোনাৰ পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে আৰু গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে । এইবোৰৰ সলনি স্বাস্থ্যকৰ আৰু লঘু বস্তু সেৱন কৰক ।

শেহতীয়া প্ৰৱন্ধসমূহ