আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাব কিংছে শ্ৰেয়াছ আয়াৰক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । দেওবাৰে নিশা পঞ্জাব কিংছে এই কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল আয়াৰ । যোৱা ছিজনতো শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বতত কলকাতা নাইট ৰাইডাৰ্ছে খিতাপ দখল কৰিছিল । আয়াৰৰ কথা ক’বলৈ গ’লে অভিজ্ঞ খেলুৱৈ হোৱাৰ উপৰিও তেওঁ এজন ভাল অধিনায়কো । আয়াৰৰ লগতে পঞ্জাব কিংছে ৰিকি পণ্টিঙকো গুৰুত্বপূৰ্ণ দায়িত্ব দিছে । পণ্টিঙক দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
পঞ্জাবে এক্স (টুইটাৰ)ত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ জৰিয়তে দলটোৱে আয়াৰক অধিনায়ক নিযুক্তি দিয়াৰ বিষয়ে তথ্য ভাগ-বতৰা কৰিছে । অধিনায়ক হোৱাৰ বাবে দলটোৰ লগতে অনুৰাগীকো ধন্যবাদ জনাইছে আয়াৰে । তেওঁ সঁচাকৈয়ে মোৰ মনটো ভাল লাগিছে বুলিও কয় । তেওঁ কয়, মোৰ ওপৰত বিশ্বাস দেখুওৱা অনুৰাগী, দল আৰু প্ৰশিক্ষকসকলক ধন্যবাদ । আমি আমাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াম । নিলামত ভাল কাম কৰিছে প্ৰশিক্ষক আৰু মেনেজমেণ্টে । আমাৰ খেলুৱৈৰ ভাল সংমিশ্ৰণ আছে ।
পঞ্জাবে পণ্টিঙৰ হাতত অৰ্পণ কৰিলে গুৰু দায়িত্ব-
শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালকৈ পঞ্জাব কিংছে ৰিকি পণ্টিঙকো ডাঙৰ দায়িত্ব দিছে । দলটোৱে পণ্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । ২০২৪ চনৰ ডিচেম্বৰ মাহত পণ্টিঙে পঞ্জাব কিংছত যোগদান কৰে । ইয়াৰ পূৰ্বে তেওঁ দিল্লী কেপিটেলছৰ সৈতে আছিল । পণ্টিঙে আয়াৰৰ বিষয়ে কয়, শ্ৰেয়াছৰ খেলৰ বিষয়ে ভাল ধাৰণা আছে । তেওঁ নিজৰ অধিনায়কত্ব প্ৰমাণ কৰিছে । ইয়াৰ আগতেও আই পি এলত আয়াৰৰ সৈতে ভাল সময় কটালোঁ ।
শ্ৰেয়াছ আয়াৰৰ অভিলেখ-
আই পি এলত এতিয়ালৈকে ১১৫খন মেচ খেলিছে আয়াৰে । এই সময়ছোৱাত তেওঁ ৩১২৭ ৰান সংগ্ৰহ কৰিছে । প্ৰতিযোগিতাখনত ২১টা অৰ্ধশতক অৰ্জন কৰিছে আয়াৰে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৯৬ ৰান । যোৱা ছিজনত ১৪খন মেচত ৩৫১ ৰান সংগ্ৰহ কৰিছিল তেওঁ । আনহাতে আই পি এল ২০২২ত তেওঁ ৪০১ ৰান সংগ্ৰহ কৰিছিল আয়াৰে ।