সাংবাদিকতাৰ পৰা চিনেমালৈ...প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰীতিশ নন্দীৰ দেহাৱসান

সাংবাদিকতাৰ পৰা চিনেমালৈ…প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰীতিশ নন্দীৰ দেহাৱসান

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা সাংবাদিক প্ৰীতিশ নন্দীয়ে ৮ জানুৱাৰীত ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুত চিনেমা আৰু সাংবাদিকতাৰ জগতখনত শোকৰ সৃষ্টি হৈছে । তেওঁৰ বন্ধু তথা অভিনেতা অনুপম খেৰে নন্দীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা সাংবাদিক প্ৰীতিশ নন্দীয়ে ৮ জানুৱাৰীত ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুত চিনেমা আৰু সাংবাদিকতাৰ জগতখনত শোকৰ সৃষ্টি হৈছে । তেওঁৰ বন্ধু তথা অভিনেতা অনুপম খেৰে নন্দীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে প্ৰীতিশ মোৰ চাপৰ্ট ছিষ্টেম আছিল । তেওঁ আছিল এজন মেধাৱী কবি, সাহিত্যিক আৰু চলচ্চিত্ৰ নিৰ্মাতা । তেওঁৰ মৃত্যুৰ লগে লগে মই এজন ঘনিষ্ঠ বন্ধুক হেৰুৱালোঁ । অভিনেতা নীল নীতিন মুকেশৰ লগতে অন্যান্য চলচ্চিত্ৰ ব্যক্তিসকলেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

কোন আছিল প্ৰীতিশ নন্দী ?

১৯৫১ চনত বিহাৰৰ ভাগলপুৰত জন্মগ্ৰহণ কৰা প্ৰীতিশ নন্দীয়ে সাংবাদিকতা, চলচ্চিত্ৰ নিৰ্মাণ আৰু সাহিত্যত নিজৰ নাম উজলাইছিল । তেখেত আছিল এজন মহান কবি, সাহিত্যিক আৰু চলচ্চিত্ৰ নিৰ্মাতা । ১৯৯৩ চনত প্ৰীতিশ নন্দী কমিউনিকেচন প্ৰতিষ্ঠা কৰি ইয়াৰ বেনাৰত কেইবাখনো সফল ছবি নিৰ্মাণ কৰিছিল তেওঁ ।

সাংবাদিকতাৰ পৰা চিনেমালৈ যাত্ৰা-

প্ৰীতিশ নন্দীয়ে সাংবাদিকতাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁৰ দূৰদৰ্শন অনুষ্ঠান The Pritish Nandy Show ৯০ দশকত অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল । দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়াৰ সম্পাদক হিচাপেও তেওঁ ইয়াক দেশৰ অন্যতম সন্মানীয় প্ৰকাশন হিচাপে গঢ়ি তুলিছিল ।

চলচ্চিত্ৰ নিৰ্মাণত অৱদান-

প্ৰীতিশ নন্দীয়ে তেওঁৰ প্ৰডাকচন হাউচৰ অধীনত বহুতো ডাঙৰ ডাঙৰ চিনেমা নিৰ্মাণ কৰিছিল । তেওঁৰ কিছুমান স্মৰণীয় চিনেমা হ’ল-

সুৰ, কাঁটে, ঝংকাৰ বিটছ, চামেলী, হাজাৰো খোৱাইছি এইছি, প্যাৰ কা ছাইড এফেক্ট ।

ৱেব ছিৰিজৰ জগতখনতো খোজ দি ফোৰ ম’ৰ শ্বটছ প্লিজ আৰু মডাৰ্ণ লাভ মুম্বাইৰ দৰে হিট ছিৰিজ নিৰ্মাণ কৰিছিল তেওঁ ।

ৰাজনীতিত প্ৰৱেশ-

১৯৯৮ চনত শিৱসেনাৰ টিকটত ৰাজ্যসভাৰ সদস্য হিচাপেও ৰাজনীতিত নিজৰ নাম উজলাইছিল প্ৰীতিশ নন্দীয়ে । ছবছৰ সংসদত থাকি সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশৰ বাবে জনাজাত আছিল তেওঁ ।

শেহতীয়া প্ৰৱন্ধসমূহ