লেখা-মেলা অথবা সৃষ্টিশীলতাৰ জগতখনক কেৰিয়াৰ গঢ়িব বিচাৰে নেকি, তেন্তে জানক দেশৰ শীৰ্ষ ১০খন কলেজ

যদি আপুনি লেখা-মেলা, মনোৰঞ্জন, বা বাতৰি উদ্যোগত কাম কৰাৰ সপোন দেখিছে কিন্তু কোনখন কলেজত পঢ়িব সেইটো সিদ্ধান্ত ল’ব পৰা নাই । হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী একেধৰণৰ দ্বিধাদ্বন্দ্বত পৰিছে । কিন্তু শ্ৰেষ্ঠ সাংবাদিকতা মহাবিদ্যালয়ৰ এই তালিকাৰ সহায়ত আপোনাৰ সমস্যাটো বহু পৰিমাণে সমাধান হ’ব পাৰে । এখন ভাল সাংবাদিকতা মহাবিদ্যালয় বাছনি কৰাটোও তাত নামভৰ্তি লাভ কৰাৰ দৰেই কঠিন হ’ব পাৰে । ইমানবোৰ বিকল্প আৰু বিভিন্ন বিজ্ঞাপনৰ বাবে কথাবোৰ অলপ বিভ্ৰান্তিকৰ হ’ব পাৰে । কিন্তু চিন্তা নকৰিব, এই প্ৰতিবেদনে আপোনাক সহায় কৰিব ।

আপোনাৰ পছন্দৰ কলেজ সহজে বাছি লোৱাত সহায়ক হোৱাকৈ সমগ্ৰ ভাৰতৰ শীৰ্ষ দহখন সাংবাদিকতা আৰু গণসংযোগ মহাবিদ্যালয়ৰ তালিকা চাওক :

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (IIMC), নতুন দিল্লী-

১৯৬৫ চনত প্ৰতিষ্ঠা হোৱা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন (আই আই এম চি) ভাৰতৰ আটাইতকৈ সন্মানীয় মিডিয়া ইনষ্টিটিউট । NAACৰ দ্বাৰা A++ গ্ৰেড পোৱা এই প্ৰতিষ্ঠানটোত প্ৰতি বছৰে ৯০%তকৈ অধিক প্লেচমেণ্ট থাকে । ৰবিশ কুমাৰ আৰু বিনোদ দুৱাৰ দৰে বিশিষ্ট সাংবাদিক এই প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ । ইয়াৰ অধ্যাপকসকল সংবাদ মাধ্যম উদ্যোগৰ অভিজ্ঞ লোক আৰু ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয় । ইয়াত সাংবাদিকতাৰ পি জি ডিপ্লমা পাঠ্যক্ৰমৰ বাৰ্ষিক মাচুল প্ৰায় ৮০ হাজাৰৰ পৰা ২.৫ লাখ টকা ।

জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী-

১৯৭১ চনত গণসংযোগ বিভাগ জামিয়া মিলিয়া ইছলামিয়া স্থাপন কৰা হয় । NAACৰ দ্বাৰা A++ গ্ৰেড পোৱা এই বিভাগটোত অত্যাধুনিক ষ্টুডিঅ’ আৰু মিডিয়া লেব আছে । ইয়াৰ গৱেষণা বিভাগটোও অতি শক্তিশালী আৰু গৱেষণামূলক কামৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিশেষ উৎসাহ লাভ কৰে । এই প্ৰতিষ্ঠানত সাংবাদিকতাৰ স্নাতকোত্তৰ বাৰ্ষিক মাচুল প্ৰায় ৬৫ ​​হাজাৰৰ পৰা ৮৭ হাজাৰ টকা । বিশ্ববিদ্যালয়খনৰ মিডিয়া লেবত অত্যাধুনিক সা-সুবিধা দিয়া হৈছে ।

এছিয়ান কলেজ অৱ জাৰ্নেলিজম, চেন্নাই-

২০০০ চনত প্ৰতিষ্ঠা হোৱা এছিয়ান কলেজ অৱ জাৰ্নেলিজম দ্য হিন্দু গ্ৰুপৰ দ্বাৰা সমৰ্থিত । দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ মিডিয়া ইনষ্টিটিউট হিচাপে বিবেচিত এই মহাবিদ্যালয়খনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰদান কৰে । ইয়াত ছপা আৰু ডিজিটেল মাধ্যমত বিশেষ প্ৰশিক্ষণ দিয়া হয় আৰু উদ্যোগটোৰ সৈতে অহৰহ যোগাযোগ থাকে । পি জি ডিপ্লমা পাঠ্যক্ৰমৰ বাৰ্ষিক মাচুল প্ৰায় ৪.৭ লাখ টকা । ইয়াত ব্যৱহাৰিক প্ৰশিক্ষণ আৰু উদ্যোগৰ সংযোগ অতি উত্তম ।

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (IIMC), ঢেংকনাল-

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন, ঢেংকনাল (আই আই এম চি ঢেংকনাল) ১৯৯৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল । পূব ভাৰতত অৱস্থিত এই আই আই এম চিৰ কেম্পাছ আৰু ইয়াৰ মাচুল দিল্লী কেম্পাছৰ দৰেই (বছৰত ৬০ হাজাৰৰ পৰা ২.২ লাখ টকা) । ওডিয়া ভাষাৰ সাংবাদিকতাৰ বিশেষ পাঠ্যক্ৰম ইয়াৰ বিশেষ বৈশিষ্ট্য । সেউজীয়া কেম্পাছত অৱস্থিত এই প্ৰতিষ্ঠানটোৱে নিস্তব্ধ পৰিৱেশত গুণগত শিক্ষা প্ৰদান কৰে । ইয়াৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে পূব ভাৰতৰ আগশাৰীৰ সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানত কাম কৰি আছে ।

চিম্বায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেচন (SIMC), পুনে

১৯৯০ চনত পুনেৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেচন স্থাপন কৰা হৈছিল । UGC স্বীকৃতিপ্ৰাপ্ত আৰু NAAC A গ্ৰেডযুক্ত প্ৰতিষ্ঠানটোৱে বাৰ্ষিক মাচুল ৩.৫-৫ লাখ টকা লয় । আন্তঃগাঁথনি অতি উত্তম আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক এক বিশ্বব্যাপী অভিজ্ঞতা প্ৰদান কৰে ।

জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেচনছ, মুম্বাই-

১৯৬৯ চনত স্থাপিত হোৱা জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেচন, মুম্বাইৰ আটাইতকৈ পুৰণি মিডিয়া ইনষ্টিটিউট । শক্তিশালী প্ৰাক্তন ছাত্ৰ নেটৱৰ্ক আৰু বলীউডৰ সংযোগে ছাত্ৰ-ছাত্ৰীসকলক চলচ্চিত্ৰ আৰু টেলিভিছনৰ একচেটিয়া সুযোগ প্ৰদান কৰে । বাৰ্ষিক মাচুল প্ৰায় ২.৫ লাখৰ পৰা ৩.৭ লাখ টকা । ইয়াত নিয়মীয়াকৈ উদ্যোগ বিশেষজ্ঞৰ অতিথি বক্তৃতা প্ৰদান কৰা হয় ।

দিল্লী স্কুল অব্ জাৰ্ণেলিজিম-

১৯৮৯ চনত স্থাপিত হৈছিল দিল্লী স্কুল অৱ জাৰ্নেলিজম । ৰাজধানীৰ আগশাৰীৰ ব্যক্তিগত সংবাদ মাধ্যমৰ প্রতিষ্ঠানৰ ভিতৰত থকা এই প্রতিষ্ঠানৰ বার্ষিক মাচুল আঢ়ৈ লাখ লাখ টকা ৷ প্ৰতিষ্ঠানটোৰ বিশেষ কথাটো হ’ল ইয়াত টেলিভিছন সাংবাদিকতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় আৰু ইয়াৰ বাবে এটা অত্যাধুনিক ষ্টুডিঅ’ উপলব্ধ । ইয়াৰ শিক্ষকসকল বৰ্তমান কৰ্মৰত জ্যেষ্ঠ সাংবাদিক যিয়ে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে । বিশেষকৈ হিন্দী নিউজ চেনেলত প্লেচমেণ্টত ভাল সুযোগ আছে ।

সাংবাদিকতাৰ পৰা চিনেমালৈ…প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰীতিশ নন্দীৰ দেহাৱসান

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা সাংবাদিক প্ৰীতিশ নন্দীয়ে ৮ জানুৱাৰীত ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুত চিনেমা আৰু সাংবাদিকতাৰ জগতখনত শোকৰ সৃষ্টি হৈছে । তেওঁৰ বন্ধু তথা অভিনেতা অনুপম খেৰে নন্দীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে প্ৰীতিশ মোৰ চাপৰ্ট ছিষ্টেম আছিল । তেওঁ আছিল এজন মেধাৱী কবি, সাহিত্যিক আৰু চলচ্চিত্ৰ নিৰ্মাতা । তেওঁৰ মৃত্যুৰ লগে লগে মই এজন ঘনিষ্ঠ বন্ধুক হেৰুৱালোঁ । অভিনেতা নীল নীতিন মুকেশৰ লগতে অন্যান্য চলচ্চিত্ৰ ব্যক্তিসকলেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ।

কোন আছিল প্ৰীতিশ নন্দী ?

১৯৫১ চনত বিহাৰৰ ভাগলপুৰত জন্মগ্ৰহণ কৰা প্ৰীতিশ নন্দীয়ে সাংবাদিকতা, চলচ্চিত্ৰ নিৰ্মাণ আৰু সাহিত্যত নিজৰ নাম উজলাইছিল । তেখেত আছিল এজন মহান কবি, সাহিত্যিক আৰু চলচ্চিত্ৰ নিৰ্মাতা । ১৯৯৩ চনত প্ৰীতিশ নন্দী কমিউনিকেচন প্ৰতিষ্ঠা কৰি ইয়াৰ বেনাৰত কেইবাখনো সফল ছবি নিৰ্মাণ কৰিছিল তেওঁ ।

সাংবাদিকতাৰ পৰা চিনেমালৈ যাত্ৰা-

প্ৰীতিশ নন্দীয়ে সাংবাদিকতাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁৰ দূৰদৰ্শন অনুষ্ঠান The Pritish Nandy Show ৯০ দশকত অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল । দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়াৰ সম্পাদক হিচাপেও তেওঁ ইয়াক দেশৰ অন্যতম সন্মানীয় প্ৰকাশন হিচাপে গঢ়ি তুলিছিল ।

চলচ্চিত্ৰ নিৰ্মাণত অৱদান-

প্ৰীতিশ নন্দীয়ে তেওঁৰ প্ৰডাকচন হাউচৰ অধীনত বহুতো ডাঙৰ ডাঙৰ চিনেমা নিৰ্মাণ কৰিছিল । তেওঁৰ কিছুমান স্মৰণীয় চিনেমা হ’ল-

সুৰ, কাঁটে, ঝংকাৰ বিটছ, চামেলী, হাজাৰো খোৱাইছি এইছি, প্যাৰ কা ছাইড এফেক্ট ।

ৱেব ছিৰিজৰ জগতখনতো খোজ দি ফোৰ ম’ৰ শ্বটছ প্লিজ আৰু মডাৰ্ণ লাভ মুম্বাইৰ দৰে হিট ছিৰিজ নিৰ্মাণ কৰিছিল তেওঁ ।

ৰাজনীতিত প্ৰৱেশ-

১৯৯৮ চনত শিৱসেনাৰ টিকটত ৰাজ্যসভাৰ সদস্য হিচাপেও ৰাজনীতিত নিজৰ নাম উজলাইছিল প্ৰীতিশ নন্দীয়ে । ছবছৰ সংসদত থাকি সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশৰ বাবে জনাজাত আছিল তেওঁ ।