খনিৰ ভিতৰত হোৰাহোৰে বাঢ়িছে পানী, বিশেষজ্ঞ ডুবাৰুৰ দ্বাৰা চলি আছে অভিযান

খনিৰ ভিতৰত হোৰাহোৰে বাঢ়িছে পানী, বিশেষজ্ঞ ডুবাৰুৰ দ্বাৰা চলি আছে অভিযান

উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে চলি আছে অভিযান । ইতিমধ্যে খনিটোত আৱদ্ধ হৈ থকা তিনিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এতিয়াও খনিটোত আৱদ্ধ হৈ আছে আন কেইবাজনো শ্ৰমিক । এই দুৰ্ভাগ্যজনক ঘটনাই কঁপাই গৈছে সমগ্ৰ অসম । ঘটনাক লৈ

উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে চলি আছে অভিযান । ইতিমধ্যে খনিটোত আৱদ্ধ হৈ থকা তিনিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এতিয়াও খনিটোত আৱদ্ধ হৈ আছে আন কেইবাজনো শ্ৰমিক । এই দুৰ্ভাগ্যজনক ঘটনাই কঁপাই গৈছে সমগ্ৰ অসম । ঘটনাক লৈ অসম আৰক্ষীৰ লগতে তৎপৰ হৈ পৰিছে উদ্ধাৰকাৰীৰ দল ।

ইফালে শ্ৰমিক আৱদ্ধ হৈ থকা খনিৰ ভিতৰত হোৰাহোৰে বাঢ়িছে পানী । ১২০ ফুট পৰ্যন্ত বৃদ্ধি পাইছে এই পানী । বিশেষজ্ঞ ডুবাৰুৰ দ্বাৰা চলাই থকা হৈছে অভিযান । মেছিনেৰে সিঁচিও শেষ কৰিব পৰা নাই পানী । বৰ্তমানেও প্ৰায় ১৫ জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ । ইতিমধ্যে মৃত্যুমুখত পৰিছে ৩জনকৈ শ্ৰমিক । মৃত্যু হোৱা দুৰ্ভগীয়া শ্ৰমিকৰ ঘৰত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে । ইতিমধ্যে বিশাখাপট্টনমৰ পৰা আহি উপস্থিত হৈছে নৌ-সেনাৰ বিশেষজ্ঞ ডুবাৰু ।

আনহাতে উমৰাংছ’ত চলি থকা খনন অবৈধ আখ্যা মুখ্যমন্ত্ৰীৰ । অবৈধ খনন কাৰ্যৰে জড়িত পুনিছ নুনিছাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৱদ্ধ শ্ৰমিকৰ ঘটনা সন্দৰ্ভত উমৰাংছ’ পুলিচ ষ্টেশ্যনত ৰুজু কৰা হৈছিল গোচৰ । পুনিছ নুনিছাক গ্ৰেপ্তাৰৰ কথা সামাজিক মাধ্যমত প্ৰকাশ মুখ্যমন্ত্ৰীৰ । আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে ১৯৫৭ৰ অধীনত ৰুজু কৰে গোচৰ । ৩(৫)/১০৫ বিএনএছ, আৰ/ডব্লিউ ধাৰা ২১(১)ত গোচৰ ৰুজু ।

উল্লেখ্য যে, ডিমা হাছাও জিলাৰ উমৰাংছ’ অঞ্চলত ৬ জানুৱাৰী, সোমবাৰে ৩০০ ফুট দ কয়লা খনিত পানী প্ৰৱেশ কৰাত আৱদ্ধ হৈ পৰে এই শ্ৰমিকসকল । বিষয়াসকলৰ মতে, খনিটোত হঠাৎ পানী প্ৰৱেশ কৰাৰত তেওঁলোকে ওলাই আহিবলৈ সময় নাপায়, ফলত শ্ৰমিকসকল মাটিৰ তলত আবদ্ধ হৈ পৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ