প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি নতুন বছৰ আৰম্ভ কৰিলে দিলজিৎ দোছাঞ্জে...

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি নতুন বছৰ আৰম্ভ কৰিলে দিলজিৎ দোছাঞ্জে…

যোৱা কেইমাহমানৰ পৰা গায়ক দিলজিৎ দোছাঞ্জে সমগ্ৰ দেশতে নিজৰ সংগীত কনচাৰ্ট কৰি আছে । তেওঁৰ সংগীত ভ্ৰমণ দেশৰ বিভিন্ন ৰাজ্যত কৰিছিল, এই সংগীত ভ্ৰমণৰ নাম আছিল দিল লুমিনাটি । এই অনুষ্ঠানৰ জৰিয়তে দিলজিতে সমগ্ৰ দেশৰ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছিল । তেওঁৰ সংগীত আৰু হৃদয় জয়

যোৱা কেইমাহমানৰ পৰা গায়ক দিলজিৎ দোছাঞ্জে সমগ্ৰ দেশতে নিজৰ সংগীত কনচাৰ্ট কৰি আছে । তেওঁৰ সংগীত ভ্ৰমণ দেশৰ বিভিন্ন ৰাজ্যত কৰিছিল, এই সংগীত ভ্ৰমণৰ নাম আছিল দিল লুমিনাটি । এই অনুষ্ঠানৰ জৰিয়তে দিলজিতে সমগ্ৰ দেশৰ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছিল । তেওঁৰ সংগীত আৰু হৃদয় জয় কৰা কলাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ কণ্ঠশিল্পী দিলজিৎ দোছাঞ্জে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দিলজিতে এই বৈঠকৰ ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে ।


প্ৰধানমন্ত্ৰীয়ে কয় হৃদয় জয় কৰা এজন ব্যক্তি-
ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে দিলজিতক কৈছে যে ভাৰতৰ এখন গাঁৱৰ ল’ৰাই যেতিয়া নিজৰ নাম পৃথিৱীত উজ্জ্বল কৰি তোলে ভাল লাগে । প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে আপোনাৰ নাম দিলজিৎ আৰু আপুনি সকলোৰে হৃদয় জয় কৰি আছে ।


ভাৰতৰ মহত্ত্বৰ ওপৰত আলোচনা হৈছিল-
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতি থাকোঁতে গায়ক দিলজিতে কয় যে তেওঁ শৈশৱতে শুনিছিল যে ভাৰত এখন মহান দেশ । কিন্তু যেতিয়া তেওঁ নিজৰ দেশখন দেখি আৰু বুজি পালে, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে আমাৰ দেশখন সঁচাকৈয়ে মহান । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশ আৰু সংস্কৃতি অতি জীৱন্ত ।


যোগৰ গুৰুত্বৰ ওপৰত আলোচনা-
প্ৰধানমন্ত্ৰী মোদী আৰু দিলজিতৰ মাজত হোৱা বৈঠকৰ এই ভিডিঅ’টোত যোগৰ বিষয়েও আলোচনা কৰা দেখা গৈছে । দিলজিতে কয় যে যোগৰ শক্তি অপৰিসীম, প্ৰধানমন্ত্ৰী মোদীয়েও এই কথাত সন্মতি প্ৰকাশ কৰে ।
ইফালে এই সাক্ষাতৰ ভিডিঅ’ত দিলজিতে এটা ভক্তিমূলক গীত গোৱা দেখা গৈছিল, যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ওচৰতে ৰখা টেবুলত তবলা সদৃশ তাল দিবলৈ আৰম্ভ কৰে । এই কথা দেখি গায়ক দিলজিত বৰ আনন্দিত হৈছিল । সাক্ষাতৰ শেষত প্ৰধানমন্ত্ৰীয়ে গায়কজনৰ প্ৰতিভাৰ প্ৰশংসা কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ