আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১ জানুৱাৰী) প্ৰকাশ কৰিছে শেহতীয়া ৰেংকিং । ইয়াৰ মাজতে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে নতুন বছৰৰ প্ৰথম দিনাই আলোড়ন তুলি ইতিহাস সৃষ্টি কৰিছে । আই চি চি টেষ্ট বলিং ৰেংকিঙত বুমৰাহ ১ নম্বৰ স্থানত আছে । ইয়াৰ উপৰিও তেওঁৰ ৰেটিং পইণ্টো ৯০৭ লৈ বৃদ্ধি পাইছে ।
এয়া এক ঐতিহাসিক অভিলেখ । কাৰণ এই ৰেটিং পইণ্ট লাভ কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ । তেওঁ প্ৰাক্তন স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ অভিলেখ ভংগ কৰিছে । ইয়াৰ পূৰ্বে ২০১৬ চনৰ ডিচেম্বৰ মাহত অশ্বিনে সৰ্বোচ্চ ৰেটিং পইণ্ট ৯০৪ লাভ কৰিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বুমৰাহে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে, যাৰ ফলত তেওঁ আই চি চিৰ ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে ।
বুমৰাহে ৯০৭ ৰেটিং পইণ্টেৰে সৰ্বকালৰ তালিকাত ইংলেণ্ডৰ স্পীনাৰ ডেৰেক আণ্ডাৰউডৰ সৈতে যৌথ ১৭ নম্বৰ স্থানলৈও আগবাঢ়িছে । এই তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ বেগী বলাৰ ছিডনী বাৰ্নছ (৯৩২) আৰু জৰ্জ লোহমান (৯৩১) শীৰ্ষত আছে, ইমৰাণ খান (৯২২) আৰু মুথিয়া মুৰালীধৰণ (৯২০) তৃতীয় আৰু চতুৰ্থ স্থানত আছে ।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শীৰ্ষ উইকেট দখলকাৰী বুমৰাহ-
ফল্লেখ্য যে ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে । ইয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈছে, যাৰ চতুৰ্থখন মেচ মেলবৰ্ণত অনুষ্ঠিত হৈছিল । চতুৰ্থখন মেচত অষ্ট্ৰেলিয়াই ১৮৪ ৰানত জয়লাভ কৰে । এইদৰে আয়োজক দলটোৱে শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব অন্তিমখন টেষ্ট ।
এই শৃংখলাত বৰত্মানলৈকে সৰ্বাধিক উইকেট দখল কৰিছে বুমৰাহে । ৪ খন টেষ্টৰ ৮ ইনিংছত সৰ্বাধিক ৩০ টা উইকেট দখল কৰিছে তেওঁ । তেওঁৰ গড় হৈছে ১২.৮৩ । তেওঁৰ পিছতে ২০টা উইকেট দখল কৰি দ্বিতীয় স্থানত আছে পেট কামিন্স । এই প্ৰদৰ্শনৰ পৰা বুমৰহে শক্তিশালী স্থান লাভ কৰিছে ।
টেষ্ট শৃংখলাৰ তৃতীয় টেষ্ট অৰ্থাৎ গাব্বা টেষ্টতো বুমৰাহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । প্ৰথম ইনিংছত ৭৬ ৰানত ৬ উইকেট দখল কৰে তেওঁ । আনহাতে গাব্বা টেষ্টৰ দ্বিতীয় ইনিংছত বুমৰাহে ১৮ ৰানত ৩টা উইকেট দখল কৰে । শৃংখলাৰ প্রথমখন টেষ্টত বুমৰাহে ৮টা আৰু দ্বিতীয়খন টেষ্টত ৪টা উইকেট দখল কৰে ৷