বছৰৰ প্ৰথম দিনটোতেই ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহে... এই অভিলেখ গঢ়া প্ৰথমজন ভাৰতীয় বলাৰত পৰিণত

বছৰৰ প্ৰথম দিনটোতেই ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহে… এই অভিলেখ গঢ়া প্ৰথমজন ভাৰতীয় বলাৰত পৰিণত

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১ জানুৱাৰী) প্ৰকাশ কৰিছে শেহতীয়া ৰেংকিং । ইয়াৰ মাজতে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে নতুন বছৰৰ প্ৰথম দিনাই আলোড়ন তুলি ইতিহাস সৃষ্টি কৰিছে । আই চি চি টেষ্ট বলিং ৰেংকিঙত বুমৰাহ ১ নম্বৰ স্থানত আছে । ইয়াৰ উপৰিও তেওঁৰ ৰেটিং পইণ্টো

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১ জানুৱাৰী) প্ৰকাশ কৰিছে শেহতীয়া ৰেংকিং । ইয়াৰ মাজতে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে নতুন বছৰৰ প্ৰথম দিনাই আলোড়ন তুলি ইতিহাস সৃষ্টি কৰিছে । আই চি চি টেষ্ট বলিং ৰেংকিঙত বুমৰাহ ১ নম্বৰ স্থানত আছে । ইয়াৰ উপৰিও তেওঁৰ ৰেটিং পইণ্টো ৯০৭ লৈ বৃদ্ধি পাইছে ।

এয়া এক ঐতিহাসিক অভিলেখ । কাৰণ এই ৰেটিং পইণ্ট লাভ কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ । তেওঁ প্ৰাক্তন স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ অভিলেখ ভংগ কৰিছে । ইয়াৰ পূৰ্বে ২০১৬ চনৰ ডিচেম্বৰ মাহত অশ্বিনে সৰ্বোচ্চ ৰেটিং পইণ্ট ৯০৪ লাভ কৰিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বুমৰাহে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে, যাৰ ফলত তেওঁ আই চি চিৰ ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে ।

বুমৰাহে ৯০৭ ৰেটিং পইণ্টেৰে সৰ্বকালৰ তালিকাত ইংলেণ্ডৰ স্পীনাৰ ডেৰেক আণ্ডাৰউডৰ সৈতে যৌথ ১৭ নম্বৰ স্থানলৈও আগবাঢ়িছে । এই তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ বেগী বলাৰ ছিডনী বাৰ্নছ (৯৩২) আৰু জৰ্জ লোহমান (৯৩১) শীৰ্ষত আছে, ইমৰাণ খান (৯২২) আৰু মুথিয়া মুৰালীধৰণ (৯২০) তৃতীয় আৰু চতুৰ্থ স্থানত আছে ।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শীৰ্ষ উইকেট দখলকাৰী বুমৰাহ-

ফল্লেখ্য যে ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে । ইয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈছে, যাৰ চতুৰ্থখন মেচ মেলবৰ্ণত অনুষ্ঠিত হৈছিল । চতুৰ্থখন মেচত অষ্ট্ৰেলিয়াই ১৮৪ ৰানত জয়লাভ কৰে । এইদৰে আয়োজক দলটোৱে শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব অন্তিমখন টেষ্ট ।

এই শৃংখলাত বৰত্মানলৈকে সৰ্বাধিক উইকেট দখল কৰিছে বুমৰাহে । ৪ খন টেষ্টৰ ৮ ইনিংছত সৰ্বাধিক ৩০ টা উইকেট দখল কৰিছে তেওঁ । তেওঁৰ গড় হৈছে ১২.৮৩ । তেওঁৰ পিছতে ২০টা উইকেট দখল কৰি দ্বিতীয় স্থানত আছে পেট কামিন্স । এই প্ৰদৰ্শনৰ পৰা বুমৰহে শক্তিশালী স্থান লাভ কৰিছে ।

টেষ্ট শৃংখলাৰ তৃতীয় টেষ্ট অৰ্থাৎ গাব্বা টেষ্টতো বুমৰাহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । প্ৰথম ইনিংছত ৭৬ ৰানত ৬ উইকেট দখল কৰে তেওঁ । আনহাতে গাব্বা টেষ্টৰ দ্বিতীয় ইনিংছত বুমৰাহে ১৮ ৰানত ৩টা উইকেট দখল কৰে । শৃংখলাৰ প্রথমখন টেষ্টত বুমৰাহে ৮টা আৰু দ্বিতীয়খন টেষ্টত ৪টা উইকেট দখল কৰে ৷

শেহতীয়া প্ৰৱন্ধসমূহ