২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট একাদশ ঘোষণা...যশপ্ৰীত বুমৰাহ অধিনায়ক, হেড আৰু কামিন্সে নাপালে

২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট একাদশ ঘোষণা…যশপ্ৰীত বুমৰাহ অধিনায়ক, হেড আৰু কামিন্সে নাপালে স্থান

২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰা হৈছে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আৰু বিস্ফোৰক বেটছমেন ট্ৰেভিছ হেডে এই দলত স্থান লাভ কৰা নাই । ভাৰতৰ তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক এই দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত দিয়া হৈছে । এই দলটো ক্ৰিকেট অষ্ট্ৰেলিয়াই বাছনি কৰিছে

২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰা হৈছে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আৰু বিস্ফোৰক বেটছমেন ট্ৰেভিছ হেডে এই দলত স্থান লাভ কৰা নাই । ভাৰতৰ তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক এই দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত দিয়া হৈছে । এই দলটো ক্ৰিকেট অষ্ট্ৰেলিয়াই বাছনি কৰিছে ।

উল্লেখ্য যে প্ৰতি বছৰৰ শেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰতিটো ফৰ্মেটৰ শ্ৰেষ্ঠ দল বাছনি কৰে । ইয়াত সমগ্ৰ বিশ্বৰ পৰা উজ্জ্বল প্ৰদৰ্শন কৰা ১১ জন খেলুৱৈক নিৰ্বাচিত কৰা হয় । এতিয়া ঘোষণা কৰা দলটো আই চি চিয়ে বাছনি কৰা নাই যদিও ক্ৰিকেট অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ টেষ্ট একাদশ ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই শ্ৰেষ্ঠ টেষ্ট একাদশত ভাৰতৰ দুজন, শ্ৰীলংকাৰ এজন, ইংলেণ্ডৰ তিনিজন, দক্ষিণ আফ্ৰিকাৰ এজন, নিউজীলেণ্ডৰ দুজন আৰু অষ্ট্ৰেলিয়াৰ দুগৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে । পাকিস্তানৰ কোনো খেলুৱৈ এই দলৰ অংশ নহয় ।

ক্ৰিকেট অষ্ট্ৰেলিয়া দলত অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে ভাৰতৰ যশস্বী জয়ছোৱাল আৰু ইংলেণ্ডৰ বেন ডাকেট । তিনি নম্বৰত আছে ইংলেণ্ডৰ জো ৰুট । ইয়াৰ পাছতে ৰাচিন ৰবিন্দ্ৰ চাৰি নম্বৰত আৰু ইংলেণ্ডৰ হেৰী ব্ৰুক পাঁচ নম্বৰত আছে । ছয় নম্বৰত আছে শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছ । অষ্ট্ৰেলিয়াৰ এলেক্স কেৰী উইকেটৰক্ষক । দ্ৰুত বলিংত আছে নিউজীলেণ্ডৰ মেট হেনৰী, ভাৰতৰ যশপ্ৰীত বুমৰাহ আৰু অষ্ট্ৰেলিয়াৰ জোছ হেজলউড । স্পীনাৰ হৈছে দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজ ।

তেওঁলোকৰ সকলোৱেই সমগ্ৰ বছৰটো অৰ্থাৎ ২০২৪ চনত টেষ্ট ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । অৱশ্যে অষ্ট্ৰেলিয়াৰ বৰ্তমানৰ টেষ্ট অধিনায়ক পেট কামিন্সেও ২০২৪ চনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যদিও এই দলত তেওঁক নিৰ্বাচিত কৰা হোৱা নাই ।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ২০২৪ চনৰ শ্ৰেষ্ঠ একাদশ- যশস্বী জয়ছোৱাল, বেন ডাকেট, জো ৰুট, ৰাচিন ৰবিন্দ্ৰ, হেৰী ব্ৰুক, কামিন্দু মেণ্ডিছ, এলেক্স কেৰী (উইকেটকীপাৰ), মেট হেনৰী, যশপ্ৰীত বুমৰাহ (অধিনায়ক), জোছ হেজলউড আৰু কেশৱ মহাৰাজ ।

শেহতীয়া প্ৰৱন্ধসমূহ