৬০০ বিলিয়ন ডলাৰৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল প্ৰকল্প…শীৰ্ষ ১০ত ভাৰতৰ স্থান কিমান ?

নিজৰ অনন্য কামৰ বাবে সমগ্ৰ বিশ্বতে চীন অতি বিখ্যাত । সেইবাবেই দেশখনে যি কামেই নকৰক কিয়, সেই কাম সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰে । এইবাৰ চীনক এটা প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰা হৈছে । এই প্ৰকল্পটো কোনো সাধাৰণ প্ৰকল্প নহয়, এই প্ৰকল্পৰ বিষয়ে বিশ্বই জানিব পৰাৰ

নিজৰ অনন্য কামৰ বাবে সমগ্ৰ বিশ্বতে চীন অতি বিখ্যাত । সেইবাবেই দেশখনে যি কামেই নকৰক কিয়, সেই কাম সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰে । এইবাৰ চীনক এটা প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰা হৈছে । এই প্ৰকল্পটো কোনো সাধাৰণ প্ৰকল্প নহয়, এই প্ৰকল্পৰ বিষয়ে বিশ্বই জানিব পৰাৰ লগে লগে সকলোতে চৰ্চা হ’বলৈ ধৰিলে । গতিকে পলম নকৰাকৈ জানক কি এই প্ৰকল্প ।

চীনৰ আটাইতকৈ ডাঙৰ প্ৰকল্প-

ভাৰতৰ সীমান্তৰ সমীপত এতিয়ালৈকে সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে চীনে । খবৰ অনুসৰি ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ হ’বলগীয়া এই বান্ধ প্ৰকল্পত চীনে অনুমোদন জনাইছে । ইয়াৰ উপৰিও ইয়াক বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ প্ৰকল্প হিচাপে গণ্য কৰা হয় । এই বান্ধ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে যাক তিব্বতত চাংপো বুলি কোৱা হয় । অনুমান কৰা হৈছে যে ইয়াক নিৰ্মাণ কৰিবলৈ ১০ বছৰ সময় লাগিব পাৰে আৰু ইয়াৰ ব্যয় হ’ব ১৩৭ বিলিয়ন ডলাৰ । এইদৰে এইটোৱেই হ’ব চীনৰ আজিলৈকে আটাইতকৈ ব্যয়বহুল প্ৰকল্প । লগতে, এইটো হ’ব বিশ্বৰ ষষ্ঠ সৰ্বাধিক ব্যয়বহুল প্ৰকল্প ।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট-

বিশ্বৰ আটাইতকৈ ব্যয়বহুল প্ৰজেক্টটো চীনৰ প্ৰজেক্টতকৈ প্ৰায় চাৰে চাৰিগুণ বেছি খৰচী । এই প্ৰকল্পটো হৈছে ইউৰোপৰ ট্ৰেন্স-ইউৰোপীয় পৰিবহণ নেটৱৰ্ক, যাৰ ব্যয় হৈছে ৬০০ বিলিয়ন ডলাৰ । এই প্ৰকল্পৰ লক্ষ্য হৈছে ইউৰোপৰ সকলো দেশক আধুনিক পথ, ৰে’লৱে, বিমানবন্দৰ আৰু জল পৰিবহণ নেটৱৰ্কৰ সৈতে সংযোগ কৰা । ইয়াৰ ভিতৰত টেলিকমিউনিকেচন আৰু শক্তি নেটৱৰ্কো অন্তৰ্ভুক্ত ।

শীৰ্ষ ১০ টা ব্যয়বহুল প্ৰকল্প-

১/ ট্ৰেন্স-ইউৰোপিয়ান ট্ৰেন্সপ’ৰ্ট নেটৱৰ্ক: ৬০০ বিলিয়ন ডলাৰ

২) চৌদি আৰৱৰ নিওম চিটি প্ৰজেক্ট : ৫০০ বিলিয়ন ডলাৰ

৩/ গাল্ফ ৰে’লৱে প্ৰকল্প : ২৫০ বিলিয়ন ডলাৰ

৪) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ: ২৫০ বিলিয়ন ডলাৰ

৫) কুৱেইটৰ চিল্ক চিটি : ১৩২ বিলিয়ন ডলাৰ

৬) চীনৰ ডেম প্ৰজেক্ট : ১৩৭ বিলিয়ন ডলাৰ

৭) কেলিফৰ্ণিয়া হাই-স্পীড ৰে’ল: ১০০ বিলিয়ন ডলাৰ

৮) কিং আব্দুল্লাহ অৰ্থনৈতিক চহৰ, চৌদি আৰৱ: ১০০ বিলিয়ন ডলাৰ

৯) দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰঃ ১০০ বিলিয়ন ডলাৰ

১০) মাইক্ৰ’ছফ্ট/অপেনএআই ডাটা চেণ্টাৰ: ১০০ বিলিয়ন ডলাৰ

শেহতীয়া প্ৰৱন্ধসমূহ