বাংলাদেশে প্ৰতিদিনে বিভিন্ন দেশৰ লগত নিজৰ শত্ৰুতা গঢ়ি তুলিছে। ভাৰতক ভাবুকি দিয়াৰ পিছত এইভাৰ ৰাছিয়াক বিবাদৰ মাজলৈ টানি বিপদত পৰিছে বাংলাদেশ।
ৰাছিয়াই বাংলাদেশৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণ কৰি আছে। ভাৰতো এই একাংশ কোম্পানীৰ লগত জড়িত হৈ আছে। এই প্ৰকল্পৰ নাম ৰূপপুৰ শক্তি পাৰমাণৱিক কেন্দ্ৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাছিয়া আৰু ভাৰতৰ সহযোগত বাংলাদেশত এই প্ৰকল্প আৰম্ভ কৰিছিল। ৰূপপুৰ প্ৰকল্পৰ কাম ব্যাপক গতিত চলি আছিল যদিও শ্বেখ হাছিনাক উৎখাত কৰাৰ পিছত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিল।
শেহতীয়াকৈ বাংলাদেশৰ দুৰ্নীতি বিৰোধী আয়োগে অভিযোগ কৰিছে যে ,শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰই বহু উৎকোচ লৈছে আৰু এই উৎকোচৰ মূল্য ৫ বিলিয়ন ডলাৰ হ’ব পাৰে। এনে পৰিস্থিতিত এই প্ৰকল্পৰ কাম কৰিব নালাগে। শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিব লাগে। এনে পৰিস্থিতিত ৰূপপুৰ বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰি থকা ৰাছিয়াৰ চৰকাৰী কোম্পানী ৰোজাটমে মহম্মদ ইউনুছ চৰকাৰক লৈ ক্ষোভিত হৈ পৰিছে। বাংলাদেশৰ অভিযোগ অস্বীকাৰ কৰি বাংলাদেশৰ দুৰ্নীতি নিবাৰক আয়োগৰ মন্তব্য ৰূপপুৰ শক্তি পাৰমাণৱিক প্ৰকল্পক কলংকিত কৰাৰ প্ৰয়াস বুলি মন্তব্য প্ৰকাশ ৰাছিয়াৰ।
২.৬৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰূপপুৰ প্ৰকল্পটো স্বচ্ছ আৰু আদালতত গোচৰৰ পক্ষ ল’বলৈ সাজু। ৰাছিয়ান কোম্পানীটোৱে মুকলি আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ নীতিৰ প্ৰতি দায়বদ্ধ, ইয়াৰ সকলো প্ৰকল্পতে স্বচ্ছ ক্ৰয় ব্যৱস্থা বজাই ৰাখিছে। বাহ্যিক অডিটে নিয়মিতভাৱে প্ৰকল্পটোৰ ব্যৱসায়িক প্ৰক্ৰিয়াসমূহৰ মুকলিতা নিশ্চিত কৰে।
বিপদত বাংলাদেশ, এইবাৰ ৰাছিয়াৰ তৰফৰ পৰা বাংলাদেশক সকীয়নি !
বাংলাদেশে প্ৰতিদিনে বিভিন্ন দেশৰ লগত নিজৰ শত্ৰুতা গঢ়ি তুলিছে। ভাৰতক ভাবুকি দিয়াৰ পিছত এইভাৰ ৰাছিয়াক বিবাদৰ মাজলৈ টানি বিপদত পৰিছে বাংলাদেশ।ৰাছিয়াই বাংলাদেশৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণ কৰি আছে। ভাৰতো এই একাংশ কোম্পানীৰ লগত জড়িত হৈ আছে। এই প্ৰকল্পৰ নাম ৰূপপুৰ শক্তি পাৰমাণৱিক কেন্দ্ৰ। বাংলাদেশৰ
শেহতীয়া প্ৰৱন্ধসমূহ
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





