আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ বৰমাল জিলাত পাকিস্তানৰ বিমান আক্ৰমণৰ প্ৰকাশ পাইছে । এই আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ১৫ জন লোক নিহত হৈছে । ২৪ ডিচেম্বৰৰ নিশা ৭খন গাঁৱক লক্ষ্য কৰি পাকিস্তানে এই আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত লক্ষ্য কৰি লোৱা গাঁওসমূহৰ ভিতৰত লমন গাঁও, য’ত একেটা পৰিয়ালৰ পাঁচজন সদস্য নিহত হয় । খবৰ অনুসৰি এই আক্ৰমণ পাকিস্তানী জেট বিমানে সংঘটিত কৰিছিল ।
উল্লেখ্য যে যদিও পাকিস্তানে এই বিমান আক্ৰমণ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, তথাপিও নিৰাপত্তা সূত্ৰই জনোৱা মতে, আফগানিস্তানৰ তালিবানৰ ঘাটিত এই আক্ৰমণ সংঘটিত হৈছে । কোৱা হৈছে যে এই আক্ৰমণত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
বৰমাল গাঁৱত বিপুল ধ্বংসলীলা-
খবৰ অনুসৰি বৰমালৰ মুৰ্গবজাৰ গাঁৱত হোৱা আক্ৰমণে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰি মানৱীয় সংকট বৃদ্ধি কৰিছে । স্থানীয় বিষয়াসকলে জনোৱা মতে, এই আক্ৰমণত বৃহৎ সংখ্যক সাধাৰণ নাগৰিক আহত হোৱাৰ লগতে অঞ্চলটোৰ ক্ষতিসাধন হৈছে । উদ্ধাৰ অভিযান অব্যাহত থকাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
তালিবান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতি-
এই ক্ষেত্ৰত তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণসমূহক তীব্ৰ গৰিহণা দিছে । মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কয় যে তেওঁলোকৰ মাটি আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাটো তেওঁলোকৰ বৈধ অধিকাৰ । ইয়াৰ লগতে মন্ত্ৰালয়ে দাবী কৰে যে এই আক্ৰমণত ৱাজিৰস্তানী শৰণাৰ্থীও নিহত হৈছে ।