জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । সেনাৰ জোৱান কঢ়িয়াই অনা এখন বাহন গভীৰ খাৱৈত বাগৰি পৰাত সংঘটিত হয় এই দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৫জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন ৫জন জোৱান আহত হয় । আটাইকেইজন গুৰুতৰভাৱে আহত হয় । আহত জোৱান কেইজনক পুঞ্চৰ ফিল্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে । জোৱানকেইজনৰ পৰিচয় এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ১১ মাৰাঠা লাইট ইনফেণ্ট্ৰিৰ ৬খন বাহনৰ কনভয় ১০জন জোৱানক লৈ অপাৰেচনেল ডিউটিত গৈ আছিল । এই জোৱানসকল নিয়ন্ত্ৰণ ৰেখাত থকা বানয়ৰ ঘোডা পোষ্টলৈ গৈ আছিল । ইফালে, বিয়লি প্ৰায় ৫:২০ বজাত ঘৰুৱাৰ সমীপত ডেৰ টন ওজনৰ এখন বাহনৰ চালকে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু ফলত প্ৰায় ৩৫০ ফুট গভীৰ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে সেনা-আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
সেনাবাহিনীৰ শ্ৰদ্ধাঞ্জলি-
সামাজিক মাধ্যম এক্সত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পে লিখিছে যে অপাৰেচনেল কৰ্তব্যৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা । পাঁচজন সাহসী সৈনিকৰ কৰুণ মৃত্যুত হোৱাইট নাইট কৰ্পছৰ সকলো ৰেংকে গভীৰ শোক প্ৰকাশ কৰিছে । উদ্ধাৰ অভিযান অব্যাহত আছে আৰু আহত জোৱানসকলে চিকিৎসা সেৱা লাভ কৰি আছে ।
ইয়াৰ পূৰ্বেও দুৰ্ঘটনা সংঘটিত হৈছে-
ইয়াৰ পূৰ্বেও জম্মু-কাশ্মীৰত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে । যোৱা বছৰৰ ২৯ এপ্ৰিলত ৰাজৌৰীৰ ২০০ ফুট গভীৰ খাৱৈত সেনাবাহিনীৰ এখন এম্বুলেন্স বাগৰি পৰে । এই দুৰ্ঘটনাত দুজন জোৱান শ্বহীদ হয় । ইয়াৰ পিছত ২০২৩ চনৰ ১৯ আগষ্টত সেনাৰ এখন বাহন ৬০ ফুট গভীৰ খাৱৈত পৰাত ৯ জন জোৱান শ্বহীদ হৈছিল ।