ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে বিগত কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । চৰ্চা চলিছে যে ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত হোৱা নাই দুটাকৈ অলিম্পিক পদক লাভ কৰা মনু ভাকৰ । ইয়াৰ পিছত ক্ৰীড়া মন্ত্ৰালয় যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । এই খবৰৰ মাজতে ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্টীকৰণ দিছে । মন্ত্ৰালয়ে কৈছে যে নাম এতিয়াও চূড়ান্ত হোৱা নাই আৰু এসপ্তাহৰ পিছত বঁটা প্ৰকাশ হ’লে তেওঁৰ নাম তালিকাত থাকিব ।
মনু ভাকৰে সৃষ্টি কৰিছিল ইতিহাস-
আগষ্ট মাহত মনু ভাকৰ স্বাধীন ভাৰতৰ পৰা একেখন অলিম্পিক গেমছত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় । ১০ মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত আৰু মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে তেওঁ । মনুৰ পৰিয়ালে কয় যে তেওঁ বঁটাৰ বাবে আবেদন পূৰণ কৰিছে । প্ৰকাশ পোৱা বাতৰি অনুসৰি মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, ‘এতিয়াও তালিকা চূড়ান্ত হোৱা নাই । ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই এদিন বা দুদিন পিছত এই পৰামৰ্শ সন্দৰ্ভত সিদ্ধান্ত ল’ব আৰু চূড়ান্ত তালিকাত মনুৰ নাম থকাৰ সম্ভাৱনা আছে ।‘
মনোনয়ন পত্ৰ নিজে পূৰণ কৰাৰ অনুমতি-
উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ানৰ নেতৃত্বত গঠিত ১২ জনীয়া বঁটা প্ৰদান সমিতিখনত ভাৰতীয় মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক ৰাণী ৰামপালকে ধৰি প্ৰাক্তন খেলুৱৈও অন্তৰ্ভুক্ত কৰা হৈছে । মন্ত্ৰালয়ৰ নিয়ম অনুসৰি খেলুৱৈয়ে নিজেও মনোনয়ন পূৰণ কৰিব পাৰে । বাছনি সমিতিয়ে আৱেদন নকৰা সকলৰ নামো বিবেচনা কৰিব পাৰে ।
মনুৰ পিতৃয়ে কি ক’লে ?
মন্ত্ৰালয়ে মনুৱে আবেদন কৰা নাই বুলি দাবী কৰিছিল যদিও পিতৃ ৰামকিষণ ভাকৰে আবেদন কৰা বুলি জানিবলৈ দিয়ে । তেওঁ কয়, ‘ভাৰতত অলিম্পিক গেমছৰ কোনো গুৰুত্ব নাই কাৰণ দুটা অলিম্পিক পদক লাভ কৰাৰ পিছতো খেলৰত্ন বঁটাৰ বাবে মনুক আওকাণ কৰা হৈছে । সন্মানৰ বাবে ভিক্ষা খুজিব লগা হ’লে দেশৰ বাবে খেলি পদক লাভ কৰি কি লাভ ? যোৱা দুই-তিনি বছৰে তেওঁ অবিৰতভাৱে সকলো বঁটাৰ বাবে আবেদন কৰি আহিছে আৰু মই ইয়াৰ সাক্ষী । ইয়াৰ ভিতৰত আছে খেলৰত্ন, পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা ।