প্ৰধানমন্ত্ৰী মোদীলৈ কুৱেইটৰ সৰ্বোচ্চ সন্মান…ভাৰতৰ প্ৰধানমন্ত্ৰীক ‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ প্ৰদান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে (২২ ডিচেম্বৰ, ২০২৪) কুৱেইট ভ্ৰমণৰ অন্তিম দিনা বায়ান পেলেচত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । কুৱেইটে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰক সন্মান প্ৰদান কৰে । বায়ান প্ৰাসাদ কুৱেইটৰ ক্ষমতাৰ প্ৰতীক আৰু ইয়াত বহু দেশৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে (২২ ডিচেম্বৰ, ২০২৪) কুৱেইট ভ্ৰমণৰ অন্তিম দিনা বায়ান পেলেচত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । কুৱেইটে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰক সন্মান প্ৰদান কৰে । বায়ান প্ৰাসাদ কুৱেইটৰ ক্ষমতাৰ প্ৰতীক আৰু ইয়াত বহু দেশৰ দূতাবাসো আছে ।

যিকোনো দেশে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এয়া ২০ সংখ্যক আন্তৰ্জাতিক সন্মান । এই অৰ্ডাৰ বন্ধুত্বৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে । বিদেশী ৰাষ্ট্ৰপতি আৰু বিদেশী ৰাজপৰিয়ালৰ সদস্যক প্ৰদান কৰা হয় এই সন্মান । ইয়াৰ পূৰ্বে এই সন্মান বিল ক্লিণ্টন, প্ৰিন্স চাৰ্লছ আৰু জৰ্জ বুশ্বৰ দৰে বিদেশী নেতাক প্ৰদান কৰা হৈছে ।

দুয়োখন দেশৰ মাজত হ’ব বহু চুক্তি-

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজতো বহু চুক্তি স্বাক্ষৰিত হ’ব । উপসাগৰীয় দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ভাৰত চৰকাৰে কাম কৰি আছে । বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ ক্ষেত্ৰত ভাৰত-কুৱেইট সম্পৰ্কক নতুন গতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ।

ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

কুৱেইটৰ আমন্ত্ৰণত শনিবাৰে (২১ ডিচেম্বৰ ২০২৪) ইয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । এই উপসাগৰীয় দেশখনলৈ যোৱা ৪৩ বছৰৰ ভিতৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ এক অনুষ্ঠানত ভাষণ দিয়াৰ লগতে ভাৰতীয় শ্ৰমিক শিবিৰো পৰিদৰ্শন কৰে । ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ আৰু ভাৰতীয় সম্প্ৰদায় কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী সম্প্ৰদায় ।

শেহতীয়া প্ৰৱন্ধসমূহ