আৰবীয়ান গাল্ফ কাপৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ, কুৱেইটৰ আমিৰকো সাক্ষাৎ

শনিবাৰে (২১ ডিচেম্বৰ) কুৱেইটত অনুষ্ঠিত ২৬ সংখ্যক আৰবীয়ান গাল্ফ কাপৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই উপলক্ষে তেওঁ কুৱেইটৰ আমিৰ শ্বেইখ মাছাল আল আহমদ আল-জাবেৰ আল-ছাবাহক সাক্ষাৎ কৰে । এই ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা

শনিবাৰে (২১ ডিচেম্বৰ) কুৱেইটত অনুষ্ঠিত ২৬ সংখ্যক আৰবীয়ান গাল্ফ কাপৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই উপলক্ষে তেওঁ কুৱেইটৰ আমিৰ শ্বেইখ মাছাল আল আহমদ আল-জাবেৰ আল-ছাবাহক সাক্ষাৎ কৰে । এই ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা সকলো দেশকে শুভেচ্ছা জনায় । আৰবীয়ান গাল্ফ কাপত গাল্ফ ক’অপাৰেচন কাউন্সিল (জি চি চি)ৰ সদস্য ৰাষ্ট্ৰ, ইৰাক আৰু য়েমেনৰ দৰে আঠখন দেশে অংশগ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ বিশেষভাৱে ঐতিহাসিক কাৰণ ৪৩ বছৰৰ পাছত কুৱেইটলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে । দুদিনীয়া ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ‘হালা মোদী’ নামৰ এক বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে । তেওঁ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতীয় সম্প্ৰদায়ৰ অৱদানৰ প্ৰশংসা কৰে আৰু ভাৰতক “বিশ্বৰ দক্ষতা ৰাজধানী” হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।

ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

কুৱেইটত ভাৰতীয় জনগোষ্ঠীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি আৰু পৰম্পৰাই কুৱেইটত এক বিশেষ স্থানৰ সৃষ্টি কৰিছে । ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী ১০১ বছৰীয়া প্ৰাক্তন বিষয়া আৰু ৰামায়ণ আৰু মহাভাৰত আৰবীলৈ অনুবাদ কৰা দুজন কুৱেইট নাগৰিককো সাক্ষাৎ কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ ১৫০০ ভাৰতীয় নাগৰিকৰ শ্ৰম শিবিৰ পৰিদৰ্শন কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় ।

আগন্তুক বৈঠকত প্ৰধানমন্ত্ৰীৰ চকু-

তথ্য অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা কুৱেইটৰ আমিৰ, ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব । এই ভ্ৰমণক ভাৰত আৰু কুৱেইটৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ