কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, আমিৰ আৰু ক্ৰাউন প্ৰিন্সক কৰিব  সাক্ষাৎ

দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইট উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪৩ বছৰৰ পাছত প্রথমবাৰৰ বাবে ভাৰতৰ কোনো প্রধানমন্ত্রী কুৱেইট ভ্রমণত উপস্থিত হৈছে ৷ উল্লেখ্য যে ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিছিল । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে কুৱেইটৰ আমিৰ মহামহিম

দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইট উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪৩ বছৰৰ পাছত প্রথমবাৰৰ বাবে ভাৰতৰ কোনো প্রধানমন্ত্রী কুৱেইট ভ্রমণত উপস্থিত হৈছে ৷ উল্লেখ্য যে ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিছিল । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইট ভ্ৰমণ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশা কৰা হৈছে । বৈদেশিক মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা, বাণিজ্য আৰু অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা হ’ব ।

২১ ডিচেম্বৰ, ২০২৪ শনিবাৰ-

-গালফ স্পিক লেবাৰ কেম্প ভ্ৰমণ

-শ্বেইখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সত সামূহিক অনুষ্ঠান

>-গালফ কাপ (ফুটবল) মুকলি অনুষ্ঠান

দেওবাৰ, ২২ ডিচেম্বৰ, ২০২৪-

বায়ান পেলেচত গাৰ্ড অৱ অনাৰ

-কুৱেইটৰ আমিৰৰ সৈতে বৈঠক

-কুৱেইটৰ ক্ৰাউন প্ৰিন্সৰ সৈতে সাক্ষাৎ

-কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক আৰু পৰৱৰ্তী বুজাবুজি চুক্তি স্বাক্ষৰ

-প্ৰেছ ব্রিফিং

-দিল্লীলৈ যাত্ৰা

-দিল্লীৰ বায়ুসেনা ষ্টেচন পালামত উপস্থিত

শেহতীয়া প্ৰৱন্ধসমূহ