টাইৱানত নিৰ্মাণাধীন অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ ৯ জনৰ মৃত্যু

টাইৱানৰ এটা নিৰ্মাণাধীন অট্টালিকাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।অগ্নিকাণ্ডটোৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হৈছে।জানিব পৰা মতে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাবও পাৰে। এই অগ্নিকাণ্ডটো বৃহস্পতিবাৰে মধ্য টাইৱানত সংঘটিত হৈছিল।সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছিল যে টাইচুং চহৰৰ এটা পাঁচমহলীয়া অট্টালিকা

টাইৱানৰ এটা নিৰ্মাণাধীন অট্টালিকাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।অগ্নিকাণ্ডটোৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হৈছে।জানিব পৰা মতে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাবও পাৰে।

এই অগ্নিকাণ্ডটো বৃহস্পতিবাৰে মধ্য টাইৱানত সংঘটিত হৈছিল।সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছিল যে টাইচুং চহৰৰ এটা পাঁচমহলীয়া অট্টালিকা দাউ দাউ কৈ জ্বলি উঠিছিল। অগ্নিকাণ্ডটোৰ ফলত স্থানীয় লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।  

খবৰ পোৱাৰ লগে লগেই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। টাইৱানৰ বিষয়াসকলৰ মতে,  বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

কিন্তু টাইচুং চৰকাৰে কৈছিল যে সেই স্থানত বৃহৎ পৰিমাণৰ ফোম পেনেলৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰিছিল। জানিব পৰা মতে এজন ব্যক্তিয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ তৃতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল। ফলস্বৰূপে, সেই ব্যক্তিজনৰ মৃত্যু হয়।

শেহতীয়া প্ৰৱন্ধসমূহ